নলবাৰীত গজালি প্ৰকাশনৰ উদ্যোগত কবি সন্মিলন :  মানসজ্যোতি শৰ্মাৰ "পৰীক্ষাৰ ভয়" নামৰ কিতাপ উন্মোচন

nlb

বাহাৰঘাটৰ পৰা নৰেন শৰ্মাৰ প্রতিবেদন :

গ্ৰন্থ এখনৰ সৃষ্টিত কেৱল লেখকজনৰে কৃতিত্ব নাথাকে।লেখকজনৰ পৰিয়াল আৰু পৰিবেশো তাৰ অংশীদাৰ।লেখক এজনে গ্ৰন্থ এখন লিখে, কিন্তু তাক পাঠকৰ ওচৰ পোৱাই প্ৰকাশক জনেহে।গ্ৰন্থৰ জগতত প্ৰকাশকৰ ভূমিকা উল্লেখযোগ্য।ছাত্ৰ - ছাত্ৰী সকলে " পৰীক্ষাৰ ভয় " নামৰ কিতাপখন পঢ়ি ভয়ক বিদায় দিব পাৰিব আৰু তেওঁলোক উপকৃত হ'ব-এই মন্তব্য বিশিষ্ট কবি বিপুল কুমাৰ দত্তৰ। দেওবাৰে গধূলী নলবাৰী জিলাৰ মাজদিয়াত এক মননশীল পৰিবেশত অনুষ্ঠিত হোৱা কবি সন্মিলন আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠানত "গজালি প্ৰকাশন"ৰ পৰা প্ৰকাশ পোৱা লিখক মানসজ্যোতি শৰ্মাৰ " পৰীক্ষাৰ ভয় "নামৰ গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট কবি দত্তই এনেদৰে কয়।বিশিষ্ট গল্পকাৰ কমল শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত নিৱন্ধকাৰ হিতেশ ডেকা আৰু গল্পকাৰ অজিত ৰাজবংশীয় উপস্থিত থাকি ভাষণ প্ৰদান কৰে।গজালি প্ৰকাশনৰ প্ৰকাশক তথা দৈনিক জনমভূমী কাকতৰ বাঁহজানীৰ সংবাদদাতা শংকৰ শৰ্মাই আঁত ধৰা অনুষ্ঠানটোৰ লগত সংগতি ৰাখি এখন কবি সন্মিলনো অনুষ্ঠিত হয়।কবি সন্মিলনত হিৰন্য তালুকদাৰ,প্ৰনৱ খাৰজাৰা,ডাঃ প্ৰণৱ চক্ৰৱৰ্তী,কমল চন্দ্ৰ দাস,জয় চন্দ্ৰ শৰ্মা,দিপ হালৈ,বিপুল কুমাৰ দত্ত,মানসজোতি শৰ্মাকে ধৰি পোন্ধৰ গৰাকী কবিয়ে কবিতা পাঠ কৰে।গীত পৰিবেশনেৰে অনুষ্ঠানটো জীপাল কৰি তোলে কন্থশিল্পী নন্দকিশোৰ ভূঞা,অসীম তালুকদাৰ,দিলীপ মেধি আৰু সংযুক্তা ৰুচীয়ে।

Your Comments