হোজাইৰ পৰা মনোজ কুমাৰ পাঠকৰ প্ৰতিবেদন :
হোজাই জিলাৰ লংকাৰ জোৰাপুখুৰীত সোমবাৰে সংঘটিত হয় এক শোকাৱহ ঘটনা।বিদ্যুৎপৃষ্ঠ হৈ আহত হোৱা পুত্ৰক বচাবলৈ গৈ মৃত্যু ঘটে পিতৃৰ । নিহত লোকজনৰ নাম যোগেশ্বৰ দাস (৪২)আৰু আহত পুত্ৰৰ নাম জয়দেৱ দাস (১০) বুলি জানিব পৰা গৈছে।ঘটনা সন্দৰ্ভত জানিব পৰা মতে, লংকাৰ জোৰাপুখুৰী গাৱৰ জয়দেৱ দাস নামৰ কিশোৰজনে বিদ্যালয়ৰ পৰা আহি নিজ ঘৰতেই খেলি থকা অৱস্হাত কাষতে থকা বিদ্যুৎৰ তাৰৰ স্পৰ্শলৈ অহাত কিশোৰজনে চিঞৰ বাখৰ কৰাত পিতৃ যোগেশ্বৰ দাসে বচাবলৈ আহি নিজ পুত্ৰক স্পৰ্শ কৰি দিয়াত দুয়োজনে বিদ্যুৎপৃষ্ঠ হৈ কিছু সময় চতফটাই থাকে যদিও পিছত স্হানীয় ৰাইজে পিছত কাঠৰ সহায়েৰে দুয়োজনকে উদ্ধাৰ কৰে ।আহত পিতা পুত্ৰ দুয়োকে পৰিয়ালৰ লোকে হোজাই চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও পিতৃ যোগ্যশ্বৰ দাসক চিকিৎসকে মৃত বুলি ঘোষণা কৰে । আনহাতে আকৌ পুত্ৰ জয়দেৱ দাসও বৰ্তমান চিকিৎসালয়ত জীৱন মৰণৰ সতে যুজি আছে | উক্ত ঘটনাই আজি সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলায়।
- Log in to post comments
- 39 views