শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই :
ৰাজ্যৰ জনসাধাৰণৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত চি পি আই দলে ৰাজ্যজুৰি ৰূপায়ণ কৰা গণ বিক্ষোভৰ কাৰ্যসূচী হিচাপে শিৱসাগৰত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আজি দুঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে। অৱস্থান ধৰ্মঘট কাৰ্যসূচীত চিপিআই নেতা ধৰ্ম বৰুৱা, মুহি বৰুৱা, কনক গগৈ, জিলা সহকাৰী সম্পাদক মণি বুঢ়াগোহাঁই, কৃষক নেতা মদন বৰুৱা, যোগেশ বুঢ়াগোহাঁই, যুৱ নেতা অনুপ গগৈ, মহিলা নেত্ৰী অনুৰাধা গোহাঁই, লগতে জিলাখনৰ শতাধিক নেতা কৰ্মী উপস্থিত থাকে।
ধৰ্মঘট কাৰ্যসূচীত উপস্থিত থাকি চিপিআই নেতা সকলে চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি কয়, চৰকাৰৰ ভূল অৰ্থনীতিৰ বাবেই আজি দেশে অৰ্থনৈতিক মান্দা অৱস্থাৰ সন্মুখীন হ'বলগীয়া হৈছে। জি এছ টি আৰু বিমুদ্ৰাকৰণৰ ফলত আজি লাখ লাখ কৰ্মচাৰীয়ে চাকৰি হেৰোৱাবলগীয়া হৈছে বুলিও মন্তব্য কৰে।
চিপিআইৰ মূল দাবী সমুহ হ'ল, মূল্যবৃদ্ধি ৰোধ কৰা, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰা, নিখুঁত এন আৰচি প্ৰকাশ কৰি বিদেশী বিতাৰণ কৰা, বান গৰাখহনীয়াৰ ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, বৃহৎ নদীবান্ধ বন্ধ কৰা, আলফা সমস্যা আলোচনাৰ জড়িয়তে সমাধান কৰা, নিবনুৱা সমস্যা ৰোধ কৰা, তৈল আৰু গেছ ক্ষেত্ৰসমুহ ব্যক্তিগত কোম্পানীক হস্তান্তৰকৰণ বন্ধ কৰা, জাগীৰোড আৰু কাছাৰৰ কাগজ কল দুটা পুনৰুজীৱিত কৰা, টেট শিক্ষকৰ চাকৰি নিয়মীয়া কৰা, শিৱসাগৰৰ বেতন বঞ্চিত শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ লগতে দৰমহা মুকলি কৰি দিয়া, ঠিকা ভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰা, কৃষকক দখলীকৃত মাটিৰ পট্টা দিয়া, স্বামীনাথৰ আয়োগৰ পৰামৰ্শ সমুহ কাৰ্যকাৰী কৰা, ৰাজ্যৰ শোচনীয় পথ আৰু উপ-পথ সমুহ শীঘ্ৰে, পুনৰ নিৰ্মাণ কৰাকে ধৰি বিভিন্ন সমস্যাৰ দাবীত এই গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। চৰকাৰে এই সমস্যা সমুহ সমাধান নকৰা পৰ্যন্ত এই, দৰে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি সমগ্ৰ ৰাজ্যত ইয়াতকৈও জংগী আন্দোলন কৰিব বুলি জানিবলৈ দিয়ে চিপিআই, নেতা কনক গগৈয়ে।
ইফালে, এন আৰ চিত সকলো ভাৰতীয়ৰ নাম অন্তৰ্ভুক্ত কৰাৰ লগতে যিসকল বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে তেওঁলোকৰ নাম বিদেশী ন্যায়াধীকৰণৰ যোগেদি চিপিআইয়ে আঁতৰোৱাৰ দাবী জনায় ।
- Log in to post comments
- 5 views