বইটামাৰীৰ প্ৰতিবেদক :
বঙাইগাওঁ জিলাৰ বইটামাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা এখন চোৰাং কাঠভৰ্ত্তি বাহন দুৰ্ঘটনাগ্ৰস্ত হয় আৰু এই দুৰ্ঘটনাটোত এজন বাইক আৰোহী গুৰুতৰভাৱে আহত হয় । প্ৰাপ্ত তথ্য মতে , আজি পুৱাৰ ভাগত বৰপেটাৰ দিশৰ পৰা আহি থকা চোৰাং খয়েৰ কাঠ ভৰ্ত্তি এএছ ১৫ ৯৫৯২ নম্বৰৰ টাটা মোবাইল বাহন এখনৰ বইটামাৰীৰ ঘাইপথত পিছৰ চকা এটা ওলাই যোৱাত দুৰ্ঘটনাগ্ৰস্ত হোৱাত উক্ত পথেৰে গৈ থকা এ এছ ১৯ কে ৯৩৫৬ নম্বৰৰ বাইক এখনক খুন্দিওৱাৰ ফলত বাইক আৰোহীজন পৰি গুৰুতৰভাৱে আহত হয় । বাইক আৰোহীজনক ততালিকে বইটামাৰী চিকিৎসালয়ত ভৰ্তি কৰায় । আহত লোকজন বইটামাৰীৰে চন্দন কুমাৰ বৰ্মন বুলি জানিব পৰা গৈছে । ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়ে বাহনত থকা চালক তথা আন লোক কেইজন পলায়ন কৰে ।দুৰ্ঘটনাগ্ৰস্ত বাহনখন বইটামাৰী আৰক্ষীয়ে জিম্মাত লয় । তাৰ পিছত বন বিভাগে খয়েৰ খিনি জব্দ কৰে । খয়েৰ খিনি লক্ষাধিক টকা মূল্যৰ বুলি জানিব পৰা গৈছে । উল্লেখ্য যে , ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে এনেদৰে অব্যাহত আছে চোৰাং কাঠৰ সৰবৰাহ । দুৰ্ঘটনা সংঘটিত হোৱাৰ বাবেহে আজি এই বাহন জব্দ হ'ল বুলি সচেতন মহলৰ মাজত চৰ্চা চলিছে।উল্লেখযোগ্য যে বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ লগত গোপন বুজাবুজিৰে চোৰাং কাঠ ব্যৱসায়ীয়ে চোৰাং কাঠৰ বেহা চলাই যোৱা বুলি আজি দীৰ্ঘ দিনৰ পৰা অভিযোগ উত্থাপিত হৈ আহিছিল।
- Log in to post comments
- 4 views