গোলাঘাটৰ ধনশিৰি নদীত গাখীৰ পেলাই প্ৰতিবাদ জিলা গো-পালক সংস্থাৰ

golaghat

গোলাঘাটৰ পৰা মুন বৰাৰ প্রতিবেদন :

আজি গোলাঘাট চহৰৰ দাতিৰে বৈ যোৱা ধনশিৰি নদীত শ শ লিটাৰ গাখীৰ পেলাই প্ৰতিবাদ কৰে গোলাঘাট জিলা গো পালক সংস্থাই। গোলাঘাট জিলা প্ৰশাসনক দীৰ্ঘদিনৰ পৰাই গাখীৰ আৰু গাখীৰজাত সামগ্ৰীৰ উচিত মূল্য নিৰ্ধাৰণ কৰি দিবলৈ আবেদন জনাই আহিছিল যদিও কোনো ফল নধৰাত আজি এনেদৰে নৈখনত শ শ লিটাৰ গাখীৰ পেলাই সংস্থাৰ কৰ্মকৰ্তা সকলে প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকৰ অভিযোগ অনুসৰি বহু কষ্টৰ বিনিময়তো গো পালক সকলে আজিকোপতি উচিত মূল্য লাভ কৰিবলৈ সক্ষম হোৱা নাই।

Your Comments