তেজপুৰৰ পৰা সন্ধানহীন হাটিঙাৰ ছাত্ৰ দিপাংকৰ

tezpur

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন :

শোণিতপুৰ জিলাৰ নদুৱাৰৰ অন্তৰ্গত উত্তৰ জামুগুৰিস্থিত হাটিঙা ৰামপুৰ অঞ্চল নিবাসী পবিন ওজা আৰু আইমনি ওজাৰ পুত্ৰ দিপাংকৰ ওজা (১৪)দেওবাৰে তেজপুৰলৈ বুলি বাছত যাওতে মিছন চাৰিআলিৰ পৰা নিখোজ হয় । ছাত্ৰ দীপাংকৰে টুপিয়া পাঁচগাঁও একাডেমিত নৱম মান শ্ৰেণীত শিক্ষা গ্ৰহণ কৰি আছিল । ছাত্ৰজনে ঘৰত চিঠি এখন লিখি মনে মনে পলাই যোৱা বুলি জানিব পৰা গৈছে।কোনো লোকে যদি ছাত্ৰজনৰ যিকোনোধৰণৰ সম্ভেদ পাই তেন্তে ৭০৮৬৭৬৬৭৭৮/৭৬৩৮৮০৫০৭৫ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ তৰফৰ পৰা অনুৰোধ জনাইছে।

Your Comments