বঙাইগাঁৱৰ গৰাইমাৰীত ড্ৰাগছ ব্যৱসায়ৰে জড়িত মহিলা আৰু যুৱকসহ দুজনক আটক

bgn

বঙাইগাঁওঃ

বঙাইগাঁও জিলাৰ গৰাইমাৰীত ড্ৰাগছ ব্যৱসায়ীৰে জড়িত মহিলাসহ এজন যুৱকক দেওবাৰে স্থানীয় ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক গটাই দিয়ে ৷ জানিব পৰা মতে স্থানীয় মমতাজ বেগম (৩২) নামৰ মহিলাগৰাকীয়ে গৰাইমাৰী বজাৰত থকা কাপোৰৰ দোকানৰ পৰা গোপনে ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল ৷ আজি মহিলাগৰাকীৰ পৰা বিজনীৰ বিশ্ব মহত্ব নামৰ যুৱক এজনে ড্ৰাগছ ক্ৰয় কৰাৰ বাবে বজাৰত উপস্থিত হোৱাৰ সময়তে স্থানীয় ৰাইজে হাতে লোটে মহিলাগৰাকীৰ লগতে যুৱকজনক কৰায়ত্ত কৰে ৷ উল্লেখ্য যে স্থানীয় ৰাইজে মহিলাগৰাকীয়ে দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ব্যৱসায় চলাই অহাৰ লিখিত অভিযোগ গেৰুকাবাৰী আৰক্ষী চকীত দাখিল কৰিছিল ৷ কিন্তু আৰক্ষীয়ে মহিলাগৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল ৷ পৰৱৰ্তী সময়ত মহিলা গৰাকীয়ে ড্ৰাগছৰ বেহা অব্যাহত ৰখাত ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ ৷ ইপিনে আজি বিজনীৰ যুৱকজনৰ চাল-চলনত সন্দেহ ওপজাৰ পিছত স্থানীয় ৰাইজে যুৱকজনক অনুসৰণ কৰি গৈ ড্ৰাগছৰ বেহা চলাই থকা মহিলাগৰাকীক হাতে লোটে কৰায়ত্ত কৰে  ৷ পিছত ৰাইজে মহিলাগৰাকীৰ লগতে যুৱকজনক গৰাইমাৰীস্থিত গেৰুকাবাৰী আৰক্ষী চকীত গটাই দিয়ে ৷ উল্লেখ্য যে গেৰুকাবাৰী আৰক্ষী চকীৰ সন্মুখতে থকা গৰাইমাৰী বজাৰত ড্ৰাগছ ব্যৱসায়ীয়ে ঘাটি পাতি ব্যৱসায় অব্যাহত ৰখাৰ পিছতো  ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ ৷ ইপিনে ড্ৰাগছ কিনিবলৈ আহি ৰাইজৰ হাতত ধৰা পৰা যুৱকজনে মহিলাগৰাকীৰ পৰা ড্ৰাগছ ক্ৰয় কৰে যদিও ৰাইজৰ হাতত পৰাৰ পূৰ্ৱে সেৱন কৰা বুলি সংবাদ মাধ্যমৰ অগত জানিব দিয়ে ৷ ৰাইজে যুৱকজনৰ পৰা খালী কন্টেনাৰ এটা হে জব্দ কৰিবলৈ সক্ষম হয় ৷

Your Comments