বঙাইগাঁও জিলা মহিলা সংগ্ৰাম সমিতি গঠন 

kmss

বঙাইগাঁওঃ

১ ছেপ্টেম্বৰঃ বঙাইগাঁও চহৰৰ বপৰাৰাৰ ২ নং বৰপাৰা চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয় খেলপথাৰ প্ৰাংগণত আজি বঙাইগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা তিনি শতাধিক মহিলাৰ সৈতে বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়া সকলে মিলিত হৈ মহিলা সকলৰ সামগ্ৰিক সমস্যাৰ বুজ লয় ৷ এই উপলক্ষে কবিতা দেৱীৰ সভাপতিত্বত অনুষ্ঠিত সভাত সাধাৰণ ৰেচনকাৰ্ডখনৰ পৰা আৰম্ভ কৰি সমগ্ৰ জিলাখনৰ চুকে কোণে ব্যাপক হাৰত বৃদ্ধি পোৱা নাৰীজনিত অপৰাধ ,বোৱাৰী নিৰ্যাতন, নাৰী-শিশু সৰবৰাহকাৰী, বাল্যবিবাহ , বোৱাৰী- কলেজীয়া ছাত্ৰীৰ অশ্লীল ফটো গণ মাধ্যমৰ জৰিয়তে ভাইৰেল হোৱা, মদ -জুৱা -তীৰৰ ব্যাপক প্ৰচলন ইত্যাদি সমস্যাৰ ওপৰত মহিলাসকলে প্ৰতক্ষ্য ভাবে ভাৱ বিনিময়  কৰে ৷ সভাত সমস্যাসমূহ মুকলিকৈ আলোচনা কৰাৰ অন্তত উক্ত সমস্যাবোৰৰ পৰিত্ৰাণ আৰু  সমাজখনক আৰ্থ সামাজিক, বৌদ্ধিক দিশত আগবঢ়াই নিয়াৰ লগতে স্বাৱলম্বন কৰি তোলাৰ উদ্দেশ্যে সাধাৰণ ৰাইজক সজাগ আৰু সচেতন কৰাৰ মানসেৰে মহিলাসকলকলৈ এখন সমিতিও গঠন কৰা হয় ৷ সভাত আন্টু শৰ্ম্মাক সভানেত্ৰী, কবিতা দেৱীক উপ সভানেত্ৰী , ভানুমতী বৰ্ম্মনক সাধাৰণ সম্পাদিকা আৰু দৰ্শনা নাথক সহকাৰী সম্পাদিকা হিচাপে লৈ মুঠ ৫৩  জনীয়া সদস্যৰে 'বঙাইগাঁও জিলা মহিলা সংগ্ৰাম সমিতি' নামেৰে এখন জিলা মহিলা সমিতি গঠন কৰা হয় ৷ উল্লেখ্য যে জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মহীধৰ ৰায়, সম্পাদক নন্দন দেৱ নাথকে ধৰি উক্ত সভাত উপস্থিত থকা জিলা সমিতিৰ নেতৃত্বই নৱ গঠিত সমিতি খনৰ প্ৰতিটো পদক্ষেপতে পূৰ্ণ সহায়ৰ হাত আগবঢ়াব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ সভাখন জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সহযোগ অনুষ্ঠিত হৈছিল ৷ 

Your Comments