প্ৰলয়ংকৰী বানে বিধ্বস্ত কৰি তোলা কেৰালাত আজি উপস্থিত হ'বগৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী । সন্ধিয়া গৈ উপস্থিত হ'বলগীয়া প্ৰধান মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে উদ্ধাৰ তথা সাহায্য অভিযানৰো পৰ্যালোচনা কৰিব ।
কেৰালাৰ ভয়াৱহ বান পৰিস্থিতিক 'দুৰ্ভাগ্যজনক' আখ্যা দিছে প্ৰধান মন্ত্ৰীয়ে । বিগত দুদিন ধৰি কেৰালাৰ মুখ্য মন্ত্ৰী পি বিজয়নৰ সৈতে ৰাজ্যখনৰ বান পৰিস্থিতি সন্দৰ্ভত মোডীয়ে যোগাযোগ অব্যাহত ৰাখিছে ।
উল্লেখ্য যে কেৰালাত এইবাৰৰ বানত এই পৰ্যন্ত প্ৰায় ১০০ ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে ।
- Log in to post comments
- 9 views