নাৰায়ণপুৰৰ পৰা বিশ্ব প্ৰসাদ বৰাৰ প্রতিবেদন :
মন্ত্ৰী, বিধায়কতকৈ বেছি দৰদী জুবিন গাৰ্গ,এই কথা কান্দি কান্দি ক'লে এটি বিশেষ ভাৱে সক্ষম ১৩ বছৰীয়া কিশোৰৰ মাতৃয়ে৷ বিভিন্ন সময়ত নিজৰ বিশেষভাবে সক্ষম পুত্ৰক লৈ মন্ত্ৰী বিধায়কৰ দুৱাৰে দুৱাৰে ঘূৰি লাভ কৰা অভিজ্ঞতাৰ পিছত শেহতীয়াকৈ অসমৰ জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গক লগ পোৱাৰ পিছতেই এই মন্তব্য মহিলা গৰাকীৰ। মহিলা গৰাকীৰ মতে ২০১৭ চনত সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লগ কৰিবলৈ যোৱা এই গৰাকী দুৰ্ভগীয়া মাতৃক বিমুখ কৰিছিল মন্ত্ৰী গৰাকীৰ ব্যক্তিগত সহকাৰীয়ে৷আশাহত হৈ চকুত চকুলো লৈ দিব্যাংগ শিশু দুৰ্লভ বৰুৱাক বুকুত বান্ধি ঘৰলৈ উভতি আহিল মাতৃ দীপা বৰুৱা৷
ইয়াৰ পিছতেই বিহপুৰীয়াৰ বিধায়কৰো কাষ চাপিছিল ধলপুৰ দকুৱাৰ এই দুৰ্ভগীয়া পৰিয়ালটোয়ে ৷ কিন্তু ২০ হাজাৰ টকা দিম বুলি কথা দিয়েই বিধায়ক দেৱানন্দ হাজৰিকাই সামৰিলে সমষ্টিৰ ৰাইজৰ প্ৰতি থকা দায়বদ্ধতা৷
এতিয়া জুবিন গাৰ্গৰ এষাৰি মাতে হাঁহি বিৰিঙাইছে মাতৃৰ লগতে পৰিয়ালটিৰ মুখত৷
কালি জুবিন গাৰ্গ কাঞ্চনজংঘাৰ প্ৰচাৰৰ বাবে আহিছিল নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়লৈ৷ জুবিন বুলিলেই কিশোৰটিৰ ওঁঠত বিৰিঙে হাঁহি৷ ভালপায় জুবিনৰ 'জানো জানো' শীৰ্ষক গীতটিৰ লগতে সকলো গীত৷ সেয়েহে মাতৃয়ে কোলাত বান্ধি লৈ গ'ল জুবিনক ওচৰৰ পৰা দেখুৱাবলৈ৷ জুবিন গাৰ্গে সেই দৃশ্য দেখি মঞ্চলৈ মাতি নি কাষতে বহুৱা ললে, চকলেটো খুৱাই দিলে কিশোৰটিক৷ লগতে দিলে সহায়ৰ প্ৰতিশ্ৰুতি৷ লৈ গ'ল কিশোৰটিৰ পৰিয়ালৰ যোগাযোগৰ নম্বৰ৷ সহায়ৰ কথা পিছৰ, কিন্তু জুবিন গাৰ্গৰ দৰে এজন শিল্পীৰ মৰমৰ এই সঁহাৰিয়ে যেন সঞ্জীৱনীৰ কাম কৰিলে পৰিয়ালটোৰ বাবে। কিশোৰটিৰ মাতৃয়েও সংবাদ মাধ্যমৰ সন্মুখত শিল্পী গৰাকীলৈ কৃতজ্ঞতা প্ৰকাশ কৰিলে।
এয়াই হয়তো জুবিন, অনন্য জুবিন৷
- Log in to post comments
- 19 views