লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলাম
সম্প্ৰতি ৰাজ্যত নাৰীৰ নিৰাপত্তাহীনতা দিনক-দিনে বৃদ্ধি পাইছে।এটাৰ পিছত আন এটা কিশোৰী অপহৰণৰ দৰে ঘটনা বৃদ্ধি পোৱাৰ সময়তে মৰিগাঁও জিলাৰ নৈপৰীয়া অঞ্চল টেঙাগুৰিত সংঘটিত হৈছে একেই জঘন্য ঘটনা।শেহতীয়াকৈ টেঙাগুৰি কাছাৰী গাঁৱৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীক অপহৰণ কৰাৰ ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে ২৯ আগষ্টত ঘৰত কোনো নথকাৰ সুযোগ লৈ সন্ধিয়া ৭ মান বজাত এগৰাকী ১৬ বছৰীয়া কিশোৰীক ঘৰৰ ওচৰৰে আব্দুল মুতালেব নামৰ ৫০ বছৰীয়া লম্পটে অপহৰণ কৰে। ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পিতৃয়ে লাহৰীঘাট আৰক্ষী থানাত লম্পট আব্দুল মুতালেবৰ লগতে আব্দুল জুব্বাৰ,আব্দুল ছাত্তাৰ আৰু আব্দুল কাদিৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।এজাহাৰৰ ভিত্তিত লাহৰীঘাট আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈ কিশোৰীগৰাকীৰ কোনো শুংসূত্ৰ উলিব পৰা নাই।কোনোবা সদাশয় ব্যক্তিৰ অপহৰণকাৰী দৃষ্টিগোচৰ হ'লে লাহৰীঘাট আৰক্ষী নাইবা অপহৃতা কিশোৰীগৰাকীৰ পৰিয়ালৰ 7002329842 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে।
- Log in to post comments
- 120 views