ডবকাৰ প্ৰতিবেদক
হোজাই জিলাৰ উপায়ুক্ত তন্ময় প্ৰতীম বৰগোঁহাইয়ে শনিবাৰে জিলাখনৰ ডবকা ৰাজহ চক্ৰৰ সূতাৰগাওঁ সেৱা কেন্দ্ৰত ৰাইজৰ বাবে উপলব্ধ হোৱাকৈ 'এনআৰচি' মুকলি কৰে ৷সেৱা কেন্দ্ৰৰ এএলআৰচিআৰ বিষয়া জাকিৰ হুছেইনে আঁত ধৰা এক অনুষ্ঠানৰ জৰিয়তে ৰাইজৰ বাবে মুকলি কৰি দিয়া হয় এনআৰচিৰ পৰিপূৰক তালিকা ৷ ডবকা ৰাজহ চক্ৰ বিষয়া অনুসূয়া শৰ্মা, পঞ্চায়ত সভাপতি জাকিৰ হুছেইন তালুকদাৰ, সচিব জমিৰ উদ্দিন আহমেদ, ডঃ ভাৰত ভূষণ বৰা প্ৰমুখ্যে এনআৰচিৰ সৈতে জড়িত বহুকেইগৰাকী বিষয়া-কৰ্মচাৰী উপস্থিত থাকে৷ অনুষ্ঠানটোত উপায়ুক্তই সদৰি কৰা মতে হোজাই জিলাৰ ৮৭ টা সেৱা কেন্দ্ৰত ৰাইজৰ বাবে সহজে পোৱাকৈ এই এনআৰচি মুকলি কৰা হয় ৷কেৱল হোজাই জিলাত এনআৰচিৰ বাবে ৬৭ টা শুনানী কেন্দ্ৰ স্থাপন কৰা হৈছিল ৷২০১ গৰাকী নিষ্পত্তিকাৰী বিষয়াই ৰাইজৰ দাবী-আপত্তিবোৰ মীমাংসা কৰে৷শান্তিপূৰ্ণভাৱে হোজাইত এনআৰচিৰ যোগ তালিকা প্ৰকাশৰ শনিবাৰৰ দিনটো পাৰ হয় ৷ক'তো কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা নাই ৷
- Log in to post comments
- 10 views