বাহাৰঘাট শংকৰদেৱ বিদ্যা নিকেতনৰ উদ্যোগত প্লাষ্টিক বৰ্জন সম্পৰ্কে সজাগতা সভা

plast1

বাহাৰঘাটৰ পৰা নৰেন শৰ্মা

স্বচ্ছতা এক্সন প্লেনৰ অধীনত শংকৰদেৱ বিদ্যা নিকেতন, বাহাৰঘাটৰ উদ্যোগত গ্ৰীন গ্লোব, নলবাৰীৰ তত্বাবধানত ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰ্যালয় আৰু অসম বিজ্ঞান প্ৰযুক্তি বিদ্যা আৰু পৰিবেশ পৰিষদৰ সহযোগত আজি দিনজোৰা কাৰ্য্যসূচীৰে চিঙ্গল ইউজ প্লাষ্টিক বৰ্জন সম্পৰ্কে সজাগতা সবা অনুষ্ঠিত কৰা হয়৷ দিনৰ ১২ বজাত বিদ্যা নিকেতন প্ৰাংগনত নিকেতন পৰিচালনা সমিতিৰ সভাপতি ৰজত চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়৷ উক্ত সভাত দি গ্ৰীন গ্লোৱৰ সম্পাদক ৰাজেশ দত্ত বৰুৱা, অসম বিজ্ঞান, প্ৰযুক্তি বিদ্যা আৰু পৰিবেশ পৰিষদৰ প্ৰকল্প বিজ্ঞানী পাৰ্থিৱ প্ৰতীম কাশ্যপে প্লাষ্টিকৰ পৰা হ’ব পৰা অসুবিধাৰ বিষয়ে বিতংকৈ ব্যাখ্যা কৰে৷ আনহাতে চিঙ্গল ইউজ প্লাষ্টিকৰ ব্যৱহাৰৰ পৰা আঁতৰত থাকি প্ৰদুষণমুক্ত পৰিবেশ গঢ়ি তোলাৰ আহ্বান জনায়৷ আনহাতে সভাত এচটেকৰ প্ৰকল্প সহায়ক ৰিজু মহন্ত, ১১ নং দেহাৰকুছি গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্য ফনীনাথ লহকৰ, নিকেতন পৰিচালনা সমিতিৰ সম্পাদক শচীন্দ্ৰ শৰ্মা আদি কৰি নিকেতনৰ সকলো আচাৰ্য্য আচাৰ্য্যাসকলে অংশগ্ৰহণ কৰে৷ প্ৰধানাচাৰ্য্য তিলক চন্দ্ৰ তালুকদাৰ আৰু আচাৰ্য্য দিপক শৰ্মাই আঁতধৰা সভাখনত পোষ্টাৰ প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰ বিতৰণ কৰে৷ ইয়াৰ আগতে পূৱাৰ ভাগত চাইকেল সমদল, বাটৰ নাট আৰু গছ পুলি ৰোপণ কাৰ্য্যসূচী ৰূপায়িত কৰে৷

Your Comments