লঙ্কাত অবৈধ ৰে'লৱে টিকট প্ৰস্তত কৰা এজেন্সীত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান : এজনক আটক

lanka

লঙ্কাৰ পৰা মনোজ পাঠকৰ প্রতিবেদন :ভুৱা ৰে'লৱে টিকট চপাই ৰমৰমীয়া ব্যৱসায় চলাই থকা এটা ট্ৰেভেল এজেন্সীত শুকুৰবাৰে লংকা আৰক্ষীৰ সহযোগত অভিযান চলালে ৰে'লৱে ক্ৰাইম ব্ৰাঞ্চৰ এটা দলে ।লংকাৰ ৰাজ ট্ৰেভেলছ নামৰ এই এজেন্সীটোত অতৰ্কিতে ক্ৰাইম বাঞ্চ আৰু আৰক্ষীয়ে চলোৱা অভিযানত লেপটপ সহ বহু নথিপত্ৰ জব্দ কৰাৰ লগতে গুৰপিট সিং নামৰ এজনকো আটক কৰে আৰক্ষীয়ে । উল্লেখ্য যে,দীৰ্ঘদিন ধৰি ৰাজ ট্ৰেভেলছ নামৰ এই এজেন্সীটোত অবৈধ ভাৱে প্ৰস্তুত কৰি অহা হৈছিল ভুৱা ৰে'লৰ টিকট ।manojআৰু সেই খবৰ লাভ কৰিছিল ৰে'লৱে কৰ্তৃপক্ষই ।গোপন তথ্যৰ ভিত্তিত শুকুৰবাৰে লামডিঙৰ পৰা অহা ৰে'লৱে ক্ৰাইম ব্ৰাঞ্চৰ ৬ জনীয়া দলটো সহ লংকা আৰক্ষীয়ে অভিযান চলাই বহু ভুৱা নথি পত্ৰ জব্দ কৰিবলৈ সক্ষম হয় যদিও ট্ৰেভেলছ এজেন্সীটোৰ মূল স্বতাধিকাৰীজন পলাই সাৰিবলৈ সক্ষম হয় ।

Your Comments