বঙাইগাঁওঃ
বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত ছিপনছিলাত সংঘটিত এক নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত ধনঞ্জয় দাসে ( গাঁৱত ধনঞ্জয় ৰায় বুলি পৰিচিত) আজি বঙাইগাঁও আদালতত আত্মসমৰ্পণ কৰে ৷ উল্লেখ্য যে ছিপনছিলা বৰপাৰা গাঁৱৰ বাসিন্দা ধনঞ্জয় দাস নামৰ যুৱকজনে যোৱা ২৫ আগষ্টৰ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ কৰি ছিপনছিলা সূত্ৰধৰপাৰা গাঁৱৰ প্ৰয়াত মনেশ্বৰ ৰায়ৰ পুত্ৰ প্ৰবীণ ৰায় (৩২)ক নৃশংসভাবে হত্যা কৰিছিল ৷ এই হত্যাকাণ্ড সংঘটিত কৰাৰ পিচৰে পৰা ধনঞ্জয় দাস পলাতক হৈ আছিল ৷ আৰক্ষীয়ে পলাতক হৈ থকা ধনঞ্জয় দাসৰ সন্ধানত অভিযান অব্যাহত ৰাখিছিল যদিও কৰায়ত্ত কৰিব পৰা নাছিল ৷ আনহাতে স্থানীয় ৰাইজে অভিযুক্ত ধনঞ্জয়ক অতি শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ বাবে দাবী জনাই আহিছিল ৷ লগতে ৰাইজৰ ফালৰ পৰাও পলাতক ধনঞ্জয়ৰ সন্ধান অব্যাহত আছিল ৷ অৱশেষত আজি যুৱকজনে নিজেই আদালতত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয় ৷ আদালতত আত্মসমৰ্পণ কৰা ধনঞ্জয় দাসক পিচত বঙাইগাঁও আৰক্ষীয়ে সোধ- পোছৰ বাবে তিনিদিনৰ কাৰণে নিজৰ জিম্মাৎ লয় ৷
ইপিনে পলাতক হৈ থকা ধনঞ্জয় দাস নামৰ যুৱকজনে আদালতত আত্মসমৰ্পণ কৰাৰ খবৰ বিয়পি পৰাৰ লগে লগে ছিপনছিলা অঞ্চলৰ প্ৰায় দুই শতাধিক পুৰুষ - মহিলা আহি আদালত চৌহদৰ বাহিৰত ভীৰ কৰে আৰু হত্যাকাৰী যুৱকজনক ৰাইজৰ হাতত গতাই দিয়াৰ বাবে আৰক্ষীক দাবী জনায় ৷ ইয়াকেলৈ আদালত চৌহদৰ বাহিৰত কিছু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ ৰাইজৰ মতে এনে অপৰাধীয়ে কঠোৰ শাস্তি নাপালে পুনৰ বিভিন্নজনক হত্যা কৰিব ৷ সেয়ে ৰাইজৰ হাতত গতাই দিয়ক ৰাইজে শাস্তি দিব ৷ অন্যথা কিছুদিন পিচতে জেলৰ পৰা ওলাই আহিবলৈ সক্ষম হ'ব ৷ এনে অৱস্থাত আৰক্ষীয়ে নিজৰ জিম্মাৎ লোৱা অভিযুক্তজনক আদালত চৌহদৰ পৰা থানালৈ নিয়াৰ ক্ষেত্ৰত সমস্যাত পৰে ৷ পৰিস্থিতিলৈ চাই আদালত চৌহদৰ বাহিৰত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তোলা হয় ৷ পিচত জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমৰ চৌধুৰী উপস্থিত হৈ ৰাইজক নানা বুজনি দিয়াৰ লগতে হত্যাকাৰীয়ে কোনোপধ্যেই ৰেহাই নাপায় বুলি কৈ তদন্ত প্ৰক্ৰিয়াত ৰাইজৰ সহযোগিতা বিচাৰে ৷ ৰাইজৰ দাবী হত্যাকাৰীজনক এবাৰ চাবলৈ দিব লাগে ৷ আৰক্ষী ইয়াৰ বাবে মান্তি নহয় ৷ ইয়াৰ মাজতে আৰক্ষীয়ে অভিযুক্তজনক থানালৈ নিয়াৰ বাবে আদালত চৌহদৰ ভিতৰলৈ নিয়া বাহন এখনত তুলিবলৈ ধৰে যদিও ৰাইজ উত্তেজিত হৈ পৰি চিঞৰ - বাখৰ কৰিবলৈ ধৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে ৷ এনে অৱস্থাত অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ হোৱাৰ আশংকা কৰি আৰক্ষীয়ে অভিযুক্তজনক পুনৰ আদালৰ ভিতৰলৈ লৈ যায় ৷ পিচলৈ আদালত চৌহদৰ বাহিৰত উপ আৰক্ষী অধীক্ষক মৈয়েত্ৰী ডেকা, অৰ্ধ সামৰিক বাহিনীৰ জোৱান, মহিলা আৰক্ষী তথা আৰক্ষীৰ দল ,বঙাইগাঁও সদৰ থানাৰ কেবাজনো আৰক্ষী বিষয়া আদি উপস্থিত হয় ৷ সেইদৰে জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা কাৰ্যবাহী দণ্ডাধীশ ধ্ৰুৱজ্যোতি দাস উপস্থিত হয় ৷ কাৰ্যবাহী দণ্ডাধীশ গৰাকীয়ে তাত উপস্থিত থকা মহিলাসকলৰ লগতে ৰাইজক আৰক্ষীয়ে অভিযুক্তজনক থানালৈ নিয়াৰ সময়ত কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নকৰিবলৈ আহ্বান জনায় ৷ লগতে ৰাইজে যদি অভিযুক্তজনক আক্ৰমণ কৰে তেতিয়াহলে অভিযুক্ত আৰু ৰাইজৰ মাজত কোনো পাৰ্থক্য নাথাকিব বুলি কৈ ৰাইজক আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াত সহায় কৰিবলৈকো আহ্বান জনায় ৷ সেইদৰে উপ আৰক্ষী অধীক্ষকগৰাকীয়েও উত্তেজিত ৰাইজক নানা বুজনি দিয়ে ৷ এইদৰে উত্তেজিত ৰাইজক বিভিন্নজনে বুজনি দি থকাৰ সময়তে সুযোগ বুজি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমৰ চৌধুৰীয়ে অভিযুক্ত ধনঞ্জয় দাসক আদালত চৌহদৰ পৰা নিজৰ বাহনত তুলি তীব্ৰ বেগত থানালৈ বুলি লৈ যায় ৷ পিচে পিচে যায় অৰ্ধসামৰিক বাহিনীৰ বাহন ৷ বিষযটো ৰাইজে বুজি উঠাৰ পূৰ্বেই এইদৰে অভিযুক্তজনক ৰাইজৰ ৰোষ তথা সাম্ভাব্য আক্ৰমণৰ পৰা বচাই থানালৈ নিবলৈ সক্ষম হয় ৷ পিচত ৰাইজেও ঘৰমূৱা হয় ৷ উল্লেখ্য যে ছিপনছিলা সূত্ৰধৰপাৰাৰ প্ৰবীণ ৰায়ে আন দুই বন্ধুৰ সৈতে ২৫ আগষ্টৰ নিশা ৭ঃ ৩০ মান বজাত ছিপনছিলা গাঁও পঞ্চায়ত কাৰ্যালয়ৰ ওচৰৰ মূল ৰাজ পথৰ দাঁতিত বহি কথা পাতি আছিল ৷ এইদৰে বহি কথা পাতি থকাৰ সময়তে উক্ত পথেৰে ধনঞ্জয় দাস নামৰ যুৱকজনে আন এজন যুৱকৰ সৈতে কুঁজীয়া নৈত মাছ মাৰি চাইকেলেৰে আহি উক্ত স্থানত উপস্থিত হয় আৰু পথৰ দাঁতিত বহি থকা প্ৰবীণ আৰু তেওঁৰ বন্ধুৰ সৈতে পথত কিয় বহি আছে বুলি কৈ পথ এৰি দিয়া-নিদিয়াকলৈ তৰ্কাতৰ্কিত লিপ্ত হয় ৷ এই দৰে তৰ্কাতৰ্কি চলি থকাৰ মাজতে হঠাতে ধনঞ্জয় নামৰ যুৱকজনে লগত থকা চোকা অস্ত্ৰৰে প্ৰবীণ ৰায় নামৰ যুৱকজনৰ দেহৰ বিভিন্ন স্থানত আক্ৰমণ কৰে ৷ চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত প্ৰবীণ ৰায়ে আত্ম ৰক্ষাৰ বাবে কিছু দূৰলৈ গৈ বাগৰি পৰে ৷ পিছত স্থানীয় লোকে গুৰুতৰভাৱে আহত প্ৰবীণক বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে যুৱকজনক মৃত বুলি ঘোষণা কৰে ৷ ইপিনে এই ঘটনাৰ পিছতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷ লগতে ক্ষুদ্ধ হৈ পৰে ৰাইজ ৷ ঘটনাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত বঙাইগাঁও থানাৰ আৰক্ষী উপস্থিত হয় আৰু হত্যাকাৰীৰ সন্ধানত নামি পৰে ৷ কিন্তু আৰক্ষীয়ে হত্যাকাৰীৰ সন্ধানত অভিযান চলায় যদিও হত্যাকাৰীক আটক কৰিবলৈ সক্ষম হোৱা নাছিল ৷ এই হত্যাকাণ্ডকলৈ উত্তেজিত হৈ পৰা একাংশ স্থানীয় ৰাইজে নিশা হত্যাকাৰী ধনঞ্জয়ৰ গৃহত উপস্থিত হৈ ঘৰত অগ্নি সংযোগ কৰাৰ লগতে দুটাকৈ ঘৰ ভাঙি বয়- বস্তুসমূহ লণ্ড ভণ্ড কৰি ক্ষতি সাধন কৰে ৷ অৱশ্যে জুইত ঘৰৰ কাপোৰ - কানি তথা কিছু পৰিমাণে ধান আদিৰ ক্ষতি হয় যদিও বাসগৃহটো ৰক্ষা পৰে ৷ আনহাতে পিছদিনা দিনৰ ভাগত প্ৰবীণ ৰায়ৰ মৃতদেটো মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছত ছিপনছিলা সূত্ৰধৰপাৰাস্থিত নিজ বাসগৃহলৈ লৈ যোৱাৰ পিচত ক্ষুদ্ধ হৈ থকা স্থানীয় ৰাইজে প্ৰবীণৰ মৃতদেহটো ৰাজহুৱা শ্মশানত শেষকৃত সম্পন্ন কৰাৰ সলনি হত্যাকাৰী ধনঞ্জয় ৰায়ৰ ঘৰৰ চোতালতহে শেষকৃত সম্পন্ন কৰাৰ বাবে সিদ্ধান্ত লয় ৷ কিন্তু জিলা প্ৰশাসনৰ কাৰ্যবাহী দণ্ডাধীশ পাৰ্থ প্ৰতীম খনিকৰ ,জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমৰ চৌধুৰী, বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতি লাহন আদি উপস্থিত হৈ ক্ষুদ্ধ ৰাইজক বুজাই বঢ়াই ক্ষান্ত কৰাৰ লগতে দোষীক কৰায়ত্ত কৰি উপযুক্ত শাস্তি প্ৰদানৰ আশ্বাস প্ৰদান কৰাত পিছত ৰাইজে স্থানীয় শ্মশানত প্ৰবীণ ৰায়ৰ মৃতদেহৰ শেষকৃত সম্পন্ন কৰিছিল৷ উল্লেখ্য যে মৃত প্ৰবীণ ৰায়ে ৰাজমিস্ত্ৰীৰ কাম কৰিছিল ৷ পৰিয়ালত পত্নী আৰু এটি সন্তান আছে ৷ ইপিনে হত্যাকাণ্ড সন্দৰ্ভত মৃত প্ৰবীণ ৰায়ৰ ককায়েকে ধনঞ্জয় দাসৰ বিৰুদ্ধে বঙাইগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ৬২৯/ ১৯ নম্বৰৰ এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছিল ৷ ৰাইজে হত্যাকাৰী ধনঞ্জয়ক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ বাবে দাবী জনাইছে
- Log in to post comments
- 9 views