সোণাৰিৰ পৰা ঘন বৰাৰ প্রতিবেদন :
অসম চাহ জনজাতি ছাত্ৰ সন্থা বৰপাত্ৰ উপশাখা ও বৰপাত্ৰ চাহ বাগিচা শ্ৰমিকৰ সহযোগত আজি বিশ শতাংশ বোনাচৰ দাবীত গুডৰিক চাহ কোম্পানীৰ বৰপাত্ৰ চাহ বাগিচাৰ কাৰ্যালয় সন্মুখত এক দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে কিছু দিন পূৰ্বে বৃহৎ বৃহৎ চাহ বাগিচাৰ মালিকপক্ষই লোকচানৰ সন্মুখীন হোৱা বুলি এইবাৰ নূন্যতম ৮.৩% শতাংশ বোনাচ দিয়া হ'ব বুলি ঘোষণা কৰিছিল । ফলস্বৰূপে সমগ্ৰ অসমৰ চাহবাগিচাৰ শ্ৰমিক, দল সংগঠন আৰু ট্ৰেড ইউনিয়ন সমূহ প্ৰতিবাদ মুখৰ হৈ পৰিছে।চৰাইদেউ জিলাৰ প্ৰায় সত্তৰ খনৰো অধিক চাহ বাগিচাই বৰ্তমান সময়লৈকে বোনাচৰ হাৰ ঘোষণা কৰা নাই।ইতিমধ্যেই জিলাখনত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতি ,সাপেখাতী শাখা সমিতি, মাহমৰা আৰু সোণাৰি শাখাই চাহ শ্ৰমিক সকলক বিশ শতাংশ বোনাচ প্ৰদান কৰিবলৈ মালিক পক্ষক দাবী জনাইছে।আজিৰ ধৰ্ণা কাৰ্যসূচীত অসম চাহ জনজাতি ছাত্ৰ সন্থা সাপেখাতী শাখাৰ সম্পাদক অজিত ওৰাং,সহকাৰী সম্পাদক ভৰত কুমাৰ আৰু বৰপাত্ৰ উপশাখাৰ নেতৃবৃন্দ উপস্থিত থাকে।
- Log in to post comments
- 3 views