বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰ
অসম সাহিত্য সভাৰ আগন্তুক পঞ্চসপ্ততিতম শুৱালকুছি অধিৱেশনৰ কাম ইতিমধ্যে পূর্ণগতিত আৰম্ভ হৈছে। আদৰণী সমিতিক সহায় কৰাৰ বাবে ৪২খন উপ-সমিতি গঠনৰ পিছত এই সমিতিসমূহে নিজ নিজ কামত অগ্ৰসৰ হােৱা পৰিলক্ষিত হৈছে। ইফালে, অলপতে অসম চৰকাৰৰ গড়কাপ্টানি বিভাগৰ বিষয়া পর্যায়ৰ কৰ্মচাৰীৰ দ্বাৰা প্রায় ১২৪ বিঘা ভূমিৰ ক্ষেত্র অধ্যয়নৰ কাম আৰম্ভ কৰিছে। গড়কাপ্টানি বিভাগৰ কাৰ্যবাহী অভিযন্তা লক্ষপতি জাখাৰীয়াৰ নেতৃত্বত অহা দলটোৱে ব্ৰহ্মপুত্ৰৰ বালিচৰৰ জ্যোতিক্ষেত্র নামকৰণ কৰা পূবে অশােকাষ্টমী ক্ষেত্ৰৰ পৰা পশ্চিমে এচিচি ঘাটৰ সেউজ ভূমি পৰ্যবেক্ষণ কৰে। অহা ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ চলিবলগীয়া অধিৱেশনৰ কাম-কাজ চলাবলৈ স্থানীয় লক্ষ্মীনাথ নগৰত প্রস্তাৱিত অত্যাধুনিক ক্রীড়া প্রকল্পৰাে কাম আৰম্ভ কৰা হৈছে। উক্ত প্রকল্পৰাে ক্ষেত্র অধ্যয়ন কৰে বিভাগীয় দলটোৱে। দলটোক সংগ দিয়ে সাহিত্য সভাৰ আদৰণী সমিতিৰ সম্পাদক অনিল বৈশ্য, সহ-সম্পাদক নৱ মহন্ত, কাউন্সিলৰ গৌতম বৈশ্য, যুৱ সমাজকর্মী কাঞ্চন কলিতা আদিয়ে
- Log in to post comments
- 21 views