বজালীৰ পৰা বুবু কলিতাৰ প্রতিবেদন :
আজি বজালীৰ ভৱানীপুৰৰ গলিয়াত ৩১ নং ৰাষ্ট্ৰীয় সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা । এখন মিনি ট্ৰাক ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই দুজন বাইক আৰোহীক মহতিয়াই বিদ্যুৎৰ ট্ৰেন্সফৰ্মাৰ এটাত খুন্দা মাৰি দাউ দাউকৈ জ্বলি উঠে । স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে আবেলি ৪ বজাত দূৰ্ঘটনাটো সংঘটিত হয় । দুয়োজন বাইক আৰোহীকে সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। বাইক আৰোহী দুজন ৰমেন দাস আৰু ভাস্কৰ দাস বুলি জানিব পৰা গৈছে ।
- Log in to post comments
- 29 views