শিৱসাগৰত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ'ল বন বিভাগৰ চাৰিজন কৰ্মচাৰীৰ

acci

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই

 

শিৱসাগৰত আজি পুৱতি নিশা এটা ভয়ংকৰ দুৰ্ঘটনাত শিৱসাগৰৰ বন বিভাগৰ চাৰিজন কৰ্মচাৰীৰ মৃত্যু হোৱাৰ লগতে দুজন কৰ্মচাৰীয়ে সংকটজনক অৱস্থাত মৃত্যুৰ সৈতে যুঁজি আছে।ঘটনা সন্দৰ্ভত জানিব পৰা মতে নিশা হাতী খেদি নিজ দায়িত্ব সমাপন কৰি উভতি আহোঁতে হাতীঘূলিৰ সোণতলীছিগা অঞ্চলত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বন বিভাগৰ এটা দলৰ AS-04-T-5737 নম্বৰৰ জীপ গাড়ীখন দ' খাৱৈত সোমাই পৰাত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।


দুৰ্ঘটনাটোত চালক প্ৰিয়ম মেছ,গাৰ্ড বিপুল হাজৰিকা, বনকৰ্মী প্ৰশান্ত দত্ত আৰু নিজামুদ্দিন আহমেদ থিতাতে নিহত হয়।আনহাতে, শিৱসাগৰ বন বিভাগৰ ৰেঞ্জাৰ বুবুল বৰুৱা আৰু গাৰ্ড নাজিমুদ্দিনক অতি সংকটজনক অৱস্থাত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও দুয়োকে চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় মেডিকেললৈ প্ৰেৰণ কৰে। 

 

নিহত বনকৰ্মীকেইজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ অনা হৈছে। শিৱসাগৰৰ বন বিভাগৰ চাৰিজনকৈ কৰ্মচাৰী দুৰ্ঘটনাত নিহত হোৱাত সমগ্ৰ জিলাখনতে শোকৰ ছাঁ পৰিছে।

Your Comments