শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁইৰ প্রতিবেদন
শিৱসাগৰত বিগত দুটা মাহ ধৰি চোৰৰ সন্ত্ৰাস অব্যাহত আছে । প্ৰতিদিনাই সংঘটিত হৈছে চুৰি কাৰ্য। আজি পুনৰ চহৰৰ মাজমজিয়াৰ পৰা চিলনী চোৰে এজন ব্যক্তিৰ পৰা ৩ লাখ টকা লুট কৰি নিয়া ঘটনাই শিৱসাগৰ চহৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে গেলেকীৰ লাহন গাঁৱৰ নিতু গগৈ নামৰ ব্যক্তি জনে শিৱসাগৰ চহৰৰ মুক্তিনাথ চাৰিআলিত থকা পঞ্জাৱ নেচনেল বেংকৰ পৰা তিনি লাখ টকা উলিয়াই । তেওঁ বেংকৰ পৰা ৰাজপথৰ দিশে গৈ থকাৰ সময়তে ন ' এণ্টিৰ দিশেৰে এখন পালছাৰ বাইকত অহা দুজন যুৱকে ব্যক্তি জনৰ হাতৰ পৰা ধনখিনি কাঢ়ি উধাও হয় । আকস্মিক ঘটনাত হতভম্ব হৈ পৰা নিতু গগৈয়ে ততাতয়াকৈ বেংক কতৃপক্ষক ঘটনাটোৰ বিষয়ে অৱগত কৰে আৰু বেংক কতৃপক্ষই শিৱসাগৰ সদৰ আৰক্ষী থানাক এনেদৰে টকা লুট হোৱাৰ বিষয়ে অৱগত কৰে । ঘটনাটো সংঘটিত হোৱা কিছু সময়ৰ পিছত শিৱসাগৰ সদৰ আৰক্ষী থানাৰ পৰা আৰক্ষীৰ এটা দল আহি নিতু গগৈৰ পৰা ঘটনাটোৰ বিষয়ে সোধা -পোচা কৰে।
উল্লেখ্য যে দুদিন পূৰ্বে শিৱসাগৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে সংবাদ মাধ্যমৰ আগত চিলনী চোৰ হ্ৰাস পালে বুলি কোৱাৰ কেইঘন্টামানৰ পিছতেই কেন্দ্ৰীয় বজাৰৰ সমীপৰ অপ্সৰা নামৰ কাপোৰৰ দোকানৰ সন্মুখত এজন ব্যক্তিৰ টকাৰ বেগ থপিয়াই নিছিল। বিগত কিছু বছৰ ধৰি শিৱসাগৰত চিলনী চোৰৰ বহু ঘটনা সংঘটিত হৈ আহিছে যদিও শিৱসাগৰ আৰক্ষীয়ে এটাও চিলনী চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই।
- Log in to post comments
- 3 views