নামঘৰ-মন্দিৰৰ চুৰিৰ লগত জড়িত গভাইত চোৰ ৰিজু বুঢ়াগোহাঁইক গ্ৰেপ্তাৰ

thief

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই

শিৱসাগৰৰ পোন্ধৰটাৰো অধিক নামঘৰত চুৰি কাৰ্য কৰি শিৱসাগৰৰ আৰক্ষীৰ নিদ্ৰাহৰণ কৰা  গভাইত চোৰ ৰিজু বুঢ়াগোহাঁইক বুধবাৰে শিৱসাগৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। এই  চোৰটোৰ ঘৰ গৌৰীসাগৰৰ সমীপৰ ন-কটানী গাঁৱত। আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি গৌৰীসাগৰ তিনিআলিত গ্ৰেপ্তাৰ কৰে ৰিজু বুঢ়াগোহাইক। আৰক্ষীৰ জেৰাত ৰিজুৱে স্বীকাৰ কৰে কেনেকৈ শিৱসাগৰৰ বিভিন্ন নামঘৰত চুৰি কাৰ্য সংঘটিত কৰিছিল। ৰিজুৱে আৰক্ষীৰ আগত প্ৰকাশ কৰা মতে কোঁৱৰপুৰৰ কাঢ়িগাঁৱৰ এগৰাকীৰ মহিলাৰ ঘৰত চুৰি সামগ্ৰীসমুহ জমা কৰি ৰাখিছিল আৰু মহিলা গৰাকীয়ে সামগ্ৰীসমুহ বিক্ৰী কৰি চোৰ ৰিজুক তেওঁৰ অংশ প্ৰদান কৰিছিল।

যোৱা এটা পষেকত এই গভাইত চোৰটোৱে মেটেকাৰ দুটাকৈ নামঘৰৰ লগতে শংকৰমন্দিৰ ৰোডৰ নামঘৰ,  ফুকন নগৰ নামঘৰ,  কোঁৱৰপুৰ,  নকটানী অঞ্চলৰ প্ৰায় ১৫ টা নামঘৰত চুৰি কাৰ্য সংঘটিত কৰিছিল বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰে। আৰক্ষীয়ে চুৰি সামগ্ৰী যেনে কাঁহী, বাতি, ভোৰতাল, চিলাই মেচিন আদি সামগ্ৰী মহিলাগৰাকীৰ ঘৰৰ পৰা উদ্ধাৰ কৰাৰ লগতে উদ্ধাৰ কৰা সামগ্ৰীসমুহ বহু কেইটা নামঘৰৰ ৰাইজ আহি তেওঁলোকৰ নিজা নামঘৰৰ সামগ্ৰীসমুহ চিনাক্ত কৰে। উল্লেখ্য যে ধৃত চোৰ ৰিজুৱে ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবলৈ নামঘৰত চুৰি কৰাৰ পাছত দানপাত্ৰ ভাঙি টকা লৈ যোৱাৰ লগতে নামঘৰৰ থাপনাও লুটিয়াই থৈ যায়। শিৱসাগৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বলীন দেউৰী আৰু শিৱসাগৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাণজিত লহকৰে বুধবাৰে নিশা এখন সংবাদমেলত সম্বোধন কৰি ধৃত চোৰ ৰিজু বুঢ়াগোহাঁইয়ে নামঘৰসমুহত চুৰি কৰাৰ কথা উল্লেখ কৰে। পৰৱৰ্তী সময়ত শিৱসাগৰ আৰক্ষীয়ে নিজাববীয়াকৈ তদন্ত কৰি দোষী ব্যক্তিক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ শিৱসাগৰবাসী ৰাইজে আহ্বান জনাইছে।

Your Comments