বইটামাৰী :
বঙাইগাওঁ জিলাৰ বইটামাৰী আৰক্ষী চকীৰ অৰ্ন্তগত বৰখাতাৰ ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে দুপৰীয়া ১২ মান বজাত বলেৰ' আৰু পিক আপ ভেনৰ মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত ১৬ জন লোক আহত হয় । প্ৰাপ্ত তথ্য মতে , মেঘালয়ৰ পৰা এম এল ১৩ ৮০৩৩ নম্বৰৰ পিক আপ ভেন এখনেৰে কেইবাজনো লোক বইটামাৰীৰ নিকটবৰ্ত্তী খগৰপুৰলৈ বুলি আহিছিল । কিন্তু ভুলবশতঃ তেওঁলোকে খগৰপুৰ পাৰ হৈ বইটামাৰী লৈ আহে । পিছত ভুল হোৱা বুলি জানিব পাৰি লোকসকল পুনৰ খগৰপুৰলৈ উভতি যাবলৈ ধৰে । বইটামাৰীৰ দিশৰ পৰা খগৰপুৰলৈ উভতি যোৱাৰ পথত বৰখাতাত ৰাষ্ট্ৰীয় ঘাইপথত বিপৰীত দিশেৰে আহি থকা নম্বৰপ্লেট বিহীন বলেৰ' এখনৰ লগত মুখামুখি সংঘৰ্ষ হয় ।
এই সংঘৰ্ষৰ ফলত পিক আপ বাহনখনত থকা ট্ৰাইলিন চাংমা (৪০) , কালীনাথ মাৰাক (৬২) , উইলিয়াম চাংমা ( ৩২ ) , থুমনি মাৰাক (৪০) , মেঅ'লিন মাৰাক (৩০) , উইলিমলাৰ চাংমা (৫৮) , ৰহিনী মাৰাক (৬০) , চেৱেল মোমিন (৬২) , মেৰতাজ চাংমা (৩০) , বিদিশা চাংমা (৩৫) , ৰিবিনা চাংমা (৫৫) , চেংমিলা চাংমা (৩০) আৰু কেৰ'লিন চাংমা (৪০) আহত হয়। আহত সকলৰ ঘৰ মেঘালয়ৰ উইলিয়াম নগৰ আৰু তাৰে সমীপৰ অঞ্চলৰ বুলি জানিব পৰা গৈছে । ইফালে বলেৰ'খনত থকা ৰমজান আলী ( ২৭ , ৰৌমাৰী- অভয়াপুৰী ) , ৰশ্মি ব্ৰহ্ম (৪৮ , উৰহাংগুৰী , কোকোৰাঝাৰ ) আৰু আজিউল ইছলাম ( ৩৪ , বড়িগাওঁ ,অভয়াপুৰী ) নামৰ লোককেইজনো আহত হয় । আহত সকলক ততালিকে আৰক্ষী তথা স্থানীয় লোকে বইটামাৰী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায় ।
- Log in to post comments
- 37 views