ডাক বিভাগৰ চাকৰিৰ পদত আবেদন কৰাৰ পৰা বঞ্চিত হ'ব বি টি চি ৰ অনাবড়ো : কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ প্ৰতিক্ৰিয়া

bgn

বঙাইগাঁওঃ

বি টি চি অঞ্চলত থকা কোচ ৰাজবংশীকে ধৰি অনান্য অনাবড়ো নিবনুৱাসকলে ডাক বিভাগৰ কেইবাটাও চাকৰিৰ পদৰ বাবে সাক্ষাৎকাৰ দিয়াৰ পৰা বঞ্চিত হ'ব বুলি সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীয়ে অভিযোগ উত্থাপন কৰিছে ৷ এক প্ৰেছ বিবৃতিত সংগঠনটোৰ সভাপতি ত্ৰৈলোক্য ৰায় আৰু সাধাৰণ সম্পাদক ধৰ্মেন্দ্ৰ ৰায়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ডাক বিভাগে প্ৰকাশ কৰা বিজ্ঞাপন অনুসৰি অহা ৪ চেপ্তেম্বৰত ডাক সেৱক, শাখা পোষ্টমাষ্টৰ আৰু সহকাৰী পোষ্টমাষ্টৰ চাকৰি পদৰ সাক্ষাৎকাৰৰ বাবে প্ৰ-পত্ৰ দাখিলৰ প্ৰক্ৰিয়া সমাপ্ত হ'ব ৷ বিজ্ঞাপনত উক্ত পদৰ বাবে শিক্ষাগত অৰ্হতা হিচাপে স্থানীয় ভাষাত দশম শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰাটো বাধ্যতামূলক কৰি বিভিন্ন অঞ্চলত এটাতকৈ অধিক বা ততোধিক ভাষা নিৰ্দিষ্ট কৰি দিয়া হৈছে ৷ অৰুণাচল আৰু নাগালেণ্ডত হিন্দী আৰু ইংৰাজী ভাষাক স্থানীয় ভাষা হিচাপে সন্নিবিষ্ট কৰিছে যদিও অসমৰ বি টি চি অঞ্চলত কেৱল বড়ো ভাষাতহে স্থানীয় বাধ্যতামূলক ভাষা হিচাপে উল্লেখ কৰা হৈছে ৷ সেয়ে বি টি চি অঞ্চলত কেৱল বড়ো ভাষাক ডাক বিভাগৰ চাকৰি পদৰ সাক্ষাৎকাৰৰ বাবে স্থানীয় বাধ্যতামূলক ভাষা হিচাপে নিৰ্ধাৰণ কৰাত তীব্ৰ প্ৰতিবাদ কৰিছে সদৌ অসম কোচ ৰাজবংশী যুৱ - ছাত্ৰ সম্মিলনীয়ে ৷ বিবৃতিটোত যুৱ- ছাত্ৰ সন্মিলনীৰ নেতাদ্বয়ে কয় যে বি টি চি অঞ্চলত বড়ো মাধ্যমত বা বিষয়ত পঢ়া-শুনা কৰা নিবনুৱা যুৱক- যুৱতী তুলনামূলক ভাৱে তেনেই কম ৷ বি টি চিত ৭০ শতাংশতকৈ অধিক লোকেই বড়ো ভাষী নহয় ৷ এনে পৰিপ্ৰেক্ষিতত বি টি চি অঞ্চলত কেৱল বড়ো ভাষাত পঢ়া-শুনা কৰা নিবনুৱাকহে ডাক বিভাগৰ চাকৰি পদৰ বাবে প্ৰাৰ্থী হ'ব পৰা সিদ্ধান্ত হঠকাৰী অাৰু ইয়াৰ অন্তৰালত শাসকীয় পক্ষৰ এক ষড়য়ন্ত্ৰ লুকাই অাছে ৷ বি টি চি অঞ্চলত বি পি এফ দলে কোচ ৰাজবংশীকে ধৰি অনাবড়ো লোক সকলক বঞ্চিত কৰি অৰ্থনৈতিক শোষণৰ দ্বাৰা কৌশলেৰে বিতাৰন কৰাৰ ষড়যন্ত্ৰ চলাইছে  বুলি অভিযোগ উত্থাপন কৰি এইবোৰ ইয়াৰে অংশ বুলিও নেতাদ্বয়ে উল্লেখ কৰে ৷ বি টি চি অঞ্চলত ডাক বিভাগৰ চাকৰি পদৰ সাক্ষাৎকাৰৰ বাবে বাধ্যতামূলক ভাষা বাছনি কৰাৰ ক্ষেত্ৰত বড়োৰ লগতে অসমীয়া ভাষাকো বাছনি কৰিব লাগিছিল যদিও তাকে নকৰি কেৱল বড়ো ভাষাক বাছনি কৰাটো মানি ল'ব নোৱাৰি ৷ নেতাদ্বয়ে অসমৰ মূখ্য মন্ত্ৰী বি টি চি অঞ্চলত অসমীয়া ভাষাকো ডাক বিভাগৰ চাকৰিৰ ক্ষেত্ৰত বাধ্যতামূলক ভাষা হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায় ৷

 ইপিনে ডাক বিভাগৰ চাকৰিত অসমীয়া মাধ্যমত পঢ়া-শুনা কৰা নিবনুৱাসকলক বি টি চি অঞ্চলত চাকৰিৰ আবেদন কৰাৰ ব্যৱস্থা কৰি দিবলৈ অনুৰোধ জনাই অসমৰ মুখ্যমন্ত্ৰলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে ৷ উল্লেখ্য যে সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীয়ে এই বিষয়টো সন্দৰ্ভত বিভিন্ন জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ লগত একত্ৰিতভাবে যুঁজ দিয়াৰ বাবে পৰিকল্পনা কৰি ইতিমধ্যে ভালেকেইটামান সংগঠনৰ লগত আলোচনাত মিলিত হৈছে বুলি নেতাদ্বয়ে জানিবলৈ দিছে ৷ লগতে অতি সোণকালেই বি টি চি অঞ্চলত ডাক বিভাগৰ চাকৰি পদৰ বাবে অঞ্চলটোৰ নিবনুৱাসকলে আবেদন কৰাৰ ব্যৱস্থা গ্ৰহণৰ দাবীত সংগঠনসমূহে একত্ৰিতভাবে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও জানিবলৈ দিছে ৷

Your Comments