নলবাৰীৰ 'বিদ্যাঞ্চল'ত কি ঘটিছে?বিদ্যাৰ্থীৰ মাৰপিটৰ ভাইৰেল ভিডিঅ'ক লৈ চাঞ্চল্য

nalbari

নলবাৰীৰ পৰা হেমন্ত কলিতা

নলবাৰী জিলাৰ  বৰকুৰাস্থিত  'বিদ্যাঞ্চল দ্য স্কুল' নামৰ ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়খনত লিপিবদ্ধ হৈছে এটাৰ পিচত এটা কলংকিত অধ্যায়। ইতিমধ্যে বিভিন্ন বিতৰ্কত সোমাই পৰা বিদ্যালয়খন সন্দৰ্ভত বিভিন্ন বাতৰি ইতিপূৰ্বে সবিস্তাৰে প্ৰকাশ পাইছে।শিক্ষাৰ বেপাৰ কৰা স্কুলখনৰ ভিতৰচ'ৰাত কণ কণ শিক্ষাৰ্থীসকলো যে সুৰক্ষিত নহয়,সেই বিষয়ে শেহতীয়াভাৱে পোহৰলৈ আহিছে। 
ব্যৱসায়ী দীপক জৈন মালিকানাধীন এইখন ব্যক্তিগত বিদ্যালয়ত সংঘটিত  ভয়ানক কাণ্ডই ছাত্র-ছাত্ৰীৰ অভিভাৱকৰ লগতে সচেতন মহলক হতচকিত কৰি তুলিছে।এই বিদ্যালয়ত ছাত্ৰ- ছাত্ৰী কিমান সুৰক্ষিত বুলিও প্ৰশ্ন উঠিছে।শ্ৰেণীকোঠাত চিচিটিভি কেমেৰা সংলগ্ন থকা স্বত্বেও বিদ্যালয়ৰ ভিতৰত ছাত্ৰ-ছাত্ৰীয়ে কি কৰে,তাৰ কোনো ঠিকনা নাই। যোৱা ১৯ আগষ্টত এগৰাকী শান্ত তথা দুৰ্বল ছাত্ৰ (প্ৰবৰ হুজুৰী)ক সহপাঠীয়ে নিৰ্মমভাবে প্ৰহাৰ কৰে। এপাকত দাক্ষিণাত্যৰ চিনেমাৰ হিৰ'ৰ দৰে জঁপিয়াই পৰে ছাত্ৰজনৰ পিঠিত । ইমানৰ পিচতো বিদ্যালয় কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে । শ্ৰেণীকোঠাত চলা এই মাৰপিটৰ ভিডিঅ'টো বুধবাৰে  ফাদিল হোৱাত এতিয়া নলবাৰীত সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সম্প্ৰতি স্থানীয় সচেতন নাগৰিকসকলে বিদ্যালয়খনৰ নানা কৰ্মকাণ্ডৰ ক্ষেত্ৰত প্ৰশাসনক বিহিত ব্যৱস্থা লোৱাৰ দাবী তুলিছে।

Your Comments