বঙাইগাঁৱৰ প্ৰতিবেদক
অহা ৩১ আগষ্টত সম্পূৰ্ণকৈ প্ৰকাশ পাবলগীয়া বহু প্ৰতীক্ষিত এনআৰচিখনক লৈ আশাবাদী সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থা৷এক প্ৰেছ বিবৃতিত সংগঠনটোৰ সভাপতি টুপেন সূত্ৰধৰে ইয়াক আদৰণি জনাই প্ৰকাশ পাবলগীয়া এনআৰচিখন বিদেশীমুক্ত এনআৰচি হ'ব বুলি আশা ব্যক্ত কৰিছে ৷ আনহাতে বিবৃতিটোত বিগত চৰকাৰসমূহৰ দিনত একাংশ বিষয়া,কৰ্মচাৰীৰ অৱহেলাত অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী অসমীয়া সূত্ৰধৰ লোককো 'ডি' ভোটাৰ সজাই জনগোষ্ঠীটোৰ লোকসকলক অন্যান্য জনগোষ্ঠীৰ সন্মুখত হেয় প্ৰতিপন্ন কৰা বুলি উল্লেখ কৰি এনআৰচিৰ ক্ষেত্ৰত যাতে সূত্ৰধৰ জনগোষ্ঠীটোৰ লোকসকল বঞ্চিত হ'বলগা নহয়,তাৰ বাবে বিহিত ব্যৱস্থা ল'বলৈ চৰকাৰলৈ আহ্বান জনাইছে ৷ইফালে, সংগঠনটোৰ সভাপতিগৰাকীয়ে বিবৃতিটোত উল্লেখ কৰা মতে ২০১১ চনত লখিমপুৰ জিলাৰ ঢকুৱাখনা বিধানসভা সমষ্টিৰ সোৱণশিৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত চেমনিমেদক গাঁৱৰ বুদ্ধেশ্বৰ সূত্ৰধৰৰ পত্নী কান্দুৰী সূত্ৰধৰক 'ডি 'ভোটাৰ সজাই লখিমপুৰ জিলা বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰিছিল ৷কিন্তু,তেওঁৰ পৰিয়ালৰ লোকে একো জনা নাছিল ৷ পিচত ২০১৮ চনৰ কোনো এটা দিনত সীমান্ত আৰক্ষীয়ে কান্দুৰী সূত্ৰধৰক ধৰি নি তেজপুৰৰ ডিটেনচন কেম্পত ৰাখিছিল ৷কিন্তু, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা জামিন লৈ মুকলি হয় ৷ ইয়াৰ পিচত বিদেশী ন্যায়াধীকৰণৰ পৰামৰ্শমতে প্ৰয়োজনীয় নথি- পত্ৰ জমা দিয়া হয় যদিও কান্দুৰী সূত্ৰধৰক আকৌ বিদেশী বুলি ঘোষণা কৰে ৷ এই কাৰ্যত সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাই গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ৷ লগতে এই ক্ষেত্ৰত সংগঠনটোৱে অসমৰ মুখ্যমন্ত্ৰীক উক্ত বিষয়টো গুৰুত্বসহকাৰে ল'বলৈ আহ্বান জনাইছে৷
- Log in to post comments
- 13 views