বাহাৰঘাটৰ পৰা নৰেন শৰ্মা
দীৰ্ঘদিনৰ পৰা বাহাৰঘাট চ’কত থকা চেন্ট্ৰেল বেংকৰ শাখাটোৰ ইন্টাৰনেট সেৱা প্ৰায়ে বিকল হৈ থকাত অঞ্চলটোৰ গ্ৰাহকসকলে যথেষ্ট অসুবিধা ভোগ কৰিবলগা হৈছে৷ উল্লেখযোগ্য যে এসময়ত অঞ্চলটোৰ ৰাইজৰ প্ৰৱল দাবীত বাহাৰঘাট চকতে এটি চেন্ট্ৰেল বেংকৰ শাখা স্থাপন কৰিছিল৷ কামৰূপ আৰু নলবাৰী জিলাৰ এটি বিশাল অঞ্চলক সামৰি প্ৰতিষ্ঠা কৰা উক্ত বেংকটোৰ বাবে সকলো পৰ্যায়ৰ ৰাইজে বেংকীয় সুবিধা উপভোগ কৰিব পাৰিছিল৷ কালক্ৰমত উক্ত বেংকটোৰ সংলগ্নকৈ এটি এটিএম স্থাপন কৰি ৰাইজক বেংকৰ সুবিধা গ্ৰহণ সুচল কৰি দিছিল৷ কিন্তু দুৰ্ভাগ্যজনক কথা যে বৰ্তমান বেংকটোৰ লগতে এটিএমটো বেচি ভাগ সময় বিকল অথবা টকা নথকা, নেট নথকা আদি সমস্যাত আক্ৰান্ত হৈ থাকে৷ কামৰূপ আৰু নলবাৰী জিলাৰ প্ৰায় অৰ্ধশতাধিক গাঁৱৰ মাজত একমাত্ৰ বেংকিং সেৱা হিচাপে স্থাপন কৰা উক্ত বেংকটোৱে প্ৰতিষ্ঠা কালৰে পৰা ৰাইজক উপযুক্ত সুবিধা প্ৰদান কৰি আহিছে৷ বৰ্তমান বেংকটোৰ পৰিসৰ পূৰ্বৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে৷ প্ৰায় ত্ৰিশ হেজাৰোধিক গ্ৰাহকক নিতৌ সন্তুষ্ট কৰিব পৰাকৈ বেংকটোত পৰ্য্যপ্ত সংখ্যক উপযুক্ত কৰ্মচাৰীৰ অভাৱ৷ যাৰ ফলত একাংশ ৰাইজে ওচৰৰ নলবাৰী জিলাৰ কালাগ, কমাৰকুছি, ঘগ্ৰাপাৰ, মৰোৱা আৰু কামৰূপ জিলাৰ ৰঙিয়া, কণিহা, হাজো আদিত বেংকিং সেৱাৰ বাবে দৌৰাদৌৰি কৰিবলগা হৈছে৷ এইক্ষেত্ৰত স্থানীয় ভূক্তভোগী ৰাইজে চেন্ট্ৰেল বেংকৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষলৈ আবেদন কৰাৰ পিচতো কোনো ফল ধৰা নাই৷ বিকল ইন্টাৰনেট সেৱা সুচল কৰাৰ বাবে বেংক কৰ্তৃপক্ষই যোগাযোগ অব্যাহত ৰাখিছে৷ আনহাতে অঞ্চলটোৰ ৰাইজে অনতিপলমে বেংকটোৰ সকলো অসুবিধা দূৰ কৰি সুচল কৰাৰ বাবে দাবী জনাইছে৷
- Log in to post comments
- 17 views