সোণাৰিত শ্ৰম আইন উলংঘন : প্ৰতিবাদী সমদল কৰি সৰৱ আহোম সেনা

labour1

সোণাৰিৰ পৰা ঘন বৰা

শ্ৰম আইন উলংঘনকাৰী ব্যবসায়ীৰ বিৰুদ্ধে এইবাৰ সৰৱ হ'ল আহোম সেনাৰ চৰাইদেউ জিলা সমিতি। উল্লেখ্য যে শ্ৰম আইন অনুসৰি সকলো নগৰ-চহৰত ব্যৱসায়ীসকলে সপ্তাহৰ এটা দিন ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখি কৰ্মচাৰীসকলক উক্ত দিনৰ মজুৰীসহ ছুটী দিব লাগে। কিন্তু চৰাইদেউ জিলাত ইয়াৰ বিপৰীত ছবিহে প্ৰতিফলিত হৈছে। জিলাখনৰ সদৰ সোণাৰি নগৰৰ একাংশ ব্যৱসায়ীয়ে এই আইন উলংঘন কৰি আহিছে। মন কৰিবলগীয়া যে সোণাৰি নগৰত সপ্তাহৰ বুধবাৰ দিনটো ব্যৱসায়ী প্ৰতিষ্ঠান সমূহ বন্ধ ৰখাৰ নিয়ম যদিও শ্ৰম বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীক ধন দি নগৰখনৰ একাংশ চতুৰ ব্যৱসায়ীয়ে প্ৰত্যেক বুধবাৰে নিজৰ দোকান-পোহাৰ মুকলিকৈ খুলি ব্যৱসায় বাণিজ্য চলাই আহিছে। এই সন্দৰ্ভত কেইবাবাৰো বাতৰি প্ৰকাশ পাইছে যদিও জিলা প্ৰশাসনে এই সকল ব্যৱসায়ীৰ বিৰুদ্ধে কোনোদিনেও অভিযান চলোৱাৰ সাহস গোটাব পৰা নাই। ইয়াৰ পৰিপ্ৰেক্ষিতত কিছুদিন পূৰ্বে আহোম সেনা নামৰ সংগঠনটোৱে চৰাইদেউ জিলা উপায়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনোৱাৰ পাছত আজি সোণাৰি নগৰত এক প্ৰতিবাদী সমদল উলিয়ায় শ্ৰম আইন উলংঘনকাৰী ব্যবসায়ীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

Your Comments