হোজাইৰ নখুঁটিত বিদ্যুৎস্পৃষ্ট হৈ পশুধনৰ মৃত্যু:লংকা বিদ্যুৎ বিভাগৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ তীব্র প্ৰতিবাদ

asn

লংকাৰ পৰা মনোজ কুমাৰ পাঠক

 

আজি এক কৰুণ দৃশ্য দেখুৱাম আপোনালোকক,যি দৃশ্য চাই আপোনাৰ-মোৰ, সকলোৰে চকুপানী নিশ্চয় নিগৰিব।এগৰাকী মৃত মাতৃৰ দুগ্ধপান কৰি আছে এটি জীৱিত সন্তানে।হয়... প্ৰথমে এই দৃশ্যলৈ মন কৰক,এয়া মৃত,পৰিত্যক্ত অৱস্থাত থকা এজনী গাইগৰু।কিন্তু মৃত গাইজনীৰ দুগ্ধপান কৰি আছে গাইজনীৰ পোৱালীটোৱে।এই দৃশ্য হোজাই জিলাৰ নখুঁটিৰ। ঘটনা সন্দৰ্ভত জানিব পৰা মতে,হোজাইৰ নখুঁটিত বুধবাৰে হাৰেজ আলী নামৰ ব্যক্তিজনৰ ঘৰৰ সম্মুখেদি পাৰ হৈ যোৱা উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ এডাল বিদ্যুতৰ খুঁটাৰ পৰা চিঙি হাৰেজ আলীৰ পোহনীয়া গৰু গাইজনীৰ গাত পৰাত থিতাতে মৃত্যু হয় গৰুজনী।আনহাতে,কথমপি ৰক্ষা পৰে  হাৰেজ আলীৰ পৰিয়াল।লংকা উপ-বৈদ্যুতিক উপ-সংমণ্ডলৰ কৰ্মীৰ কৰ্মত গাফিলতি আৰু সঘনাই বিদ্যুৎ পৰিবাহী তাঁৰ নীৰিক্ষণ নকৰাৰ ফলতেই এনে ঘটনা সংঘটিত হ'ল বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজৰ লগতে ভুক্তভোগী পৰিয়ালটোৱে।

 

আনহাতে,স্থানীয় ৰাইজে উক্ত ঘটনাক ধিক্কাৰ দিয়াৰ লগতে লংকা বিদ্যুৎ বিভাগ হায় হায়,বিদ্যুৎ বিভাগ মুৰ্দাবাদ, লংকাৰ এছডিঅ' মুৰ্দাবাদ আদি ধ্বনিৰে এক প্ৰতিবাদমূখৰ পৰিৱেশৰ সৃষ্টি কৰে।পিছত উক্ত ঘটনা সন্দৰ্ভত ভুক্তভোগী হাৰেজ আলীয়ে নখুঁটি আৰক্ষী পহৰা চকীত এখন জাননীও প্ৰদান কৰে।

Your Comments