মাজুলীত বৃহৎ নদীবান্ধৰ বিৰুদ্ধে তিনি মিচিং সংগঠনৰ ব্যাপক প্ৰতিবাদী কাৰ্যসূচী

majuli

মাজুলীৰ পৰা ৰাজীৱ পাতিৰ

এনএইছপিচিৰ দ্বাৰা নিৰ্মিয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি চলোৱাৰ লগে লগে অসমৰ বিভিন্ন জাতীয় দল-সংগঠনৰ লগতে মিচিং জাতীয় সংগঠন টিএমপিকে,এমএমকে আৰু টিএমএমকে মাজুলী জিলা সমিতিয়ে বৃহৎ নদীবান্ধ নিৰ্মাণৰ বিৰুদ্ধে মঙলবাৰে সন্ধিয়া মাজুলীৰ বিভিন্ন স্থানত জোঁৰ সমদলৰ কাৰ্যসূচী গ্ৰহণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত । টিএমপিকে,এমএমকে আৰু টিএমএমকে মাজুলী জিলা সমিতিৰ নিৰ্দেশৰ ভিত্তিত মাজুলীৰ চাৰিটা স্থানত ক্ৰমে জেংৰাইমুখ, নামনি জকাইবোৱা, কমলাবাৰী ঘাট আৰু নামনি মাজুলীৰ ময়লা চাপৰিত সংগঠনসমূহৰ শ শ প্ৰতিবাদকাৰীয়ে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি বৃহৎ নদীবান্ধ বন্ধ কৰক,নামনি সোৱণশিৰি বান্ধৰ নামনি অংশত বসবাস কৰা লোকৰ জীৱন, সম্পত্তি নিৰাপত্তা সুনিশ্চিত নকৰা পৰ্যন্ত নিৰ্মাণকাৰ্য বন্ধ কৰি ৰাখক,ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পৰা এৰি দিয়া পানীৰ ফলত নামনি অংশত পৰা কুপ্ৰভাৱ দূৰীকৰণৰ ব্যৱস্থা কৰক,এনএইছপিচি গ'বেক,কেন্দ্ৰীয় চৰকাৰ হায় হায়,জীৱন আৰু সম্পত্তি ৰক্ষা কৰক,এই সংগ্ৰাম চলিছে চলিবই,আমাৰ দাবী মানিবই লাগিব, ইনক্লাব জিন্দাবাদ,অসম চৰকাৰ হায় হায় আদি বিভিন্ন শ্ল'গানেৰে আকাশ বতাহ কপাই তোলে প্ৰতিবাদকাৰীসকলে । উজনি মাজুলীৰ জেংৰাই, চেৰপাই, ৰতনপুৰ মিৰি আৰু লোহিত পৰীয়া আদি টিএমপিকে,এমএমকে,টিএমএমকে আদিৰ আঞ্চলিক সমিতিৰ সদস্য/সদস্যাসকলে জেংৰাইমুখ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পৰ খেলপথাৰত যোগদান কৰি হাতে হাতে জুইশিখা লৈ ইয়াৰ পৰা জেংৰাইমুখ তিনিআলি হৈ কুমাৰবাৰী গাঁৱৰ সমীপত থকা খেৰকটীয়া নৈৰ পাৰলৈ জোঁৰ সমদল বাহিৰ কৰি বৃহৎ নদীবান্ধ বন্ধ কৰাৰ দাবী তোলে । হাউলি, ৰঙাচাহী,কাৰ্কিচুক, কলিয়া,উজনি জকাইবোৱা, নামনি জকাইবোৱা টিএমপিকে,এমএমকে,টিএমএমকে আদিৰ বিভিন্ন আঞ্চলিক সমিতিয়ে পকাজৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত ঠেঙাগুৰীৰ পৰা বালি জকাইবোৱা, কুলামুৱা চাপৰিলৈ দ্বিতীয়টো প্ৰতিবাদকাৰী দলে জোঁৰ সমদল কাৰ্যসূচী বাহিৰ কৰে । তৃতীয়টো প্ৰতিবাদকাৰী দলত ক্ৰমে গড়মূৰ, কমলাবাৰী,দক্ষিণ কমলাবাৰী,চিলাকলা আৰু কাৰ্পুনপুলি টিএমপিকে,এমএমকে আৰু টিএমএমকে আঞ্চলিক সমিতিয়ে মধ্য মাজুলীৰ কমলাবাৰী ঘাটত আৰু নামনি মাজুলীৰ কৰতিপাৰ, শ্ৰীলোহিত আৰু আঁহতগুৰি আঞ্চলিক সমিতিয়ে ময়লা চাপৰিত এই জোঁৰ সমদল বাহিৰ কৰে ।
ইফালে,লখিমপুৰ জিলা সমিতিৰ অন্তৰ্গত লোহিত খাবলু টিএমপিকে আঞ্চলিক সমিতিয়ে ষোল্ল মাইলৰ পৰা খাবলুঘাট, ললিতি মৰাং, যোগীবাৰী, হস্তিনাপুৰ, ডাম্বুকিয়াল, উত্তৰ ডাম্বুকিয়াল, মৰলীয়া আদি বিভিন্ন গাঁৱত নদী বান্ধবিৰোধী জোঁৰ সমদল কাৰ্যসূচীৰ জৰিয়তে শীঘ্ৰে বৃহৎ নদীবান্ধ বন্ধ কৰাৰ বাবে দাবী জনায় ।

Your Comments