লংকাৰ পৰা মনোজ কুমাৰ পাঠক :
হোজাইত আইৰণ টেবলেট সেৱন কৰি অসুস্থ হৈ পৰে দুগৰাকী ছাত্ৰী।উত্তৰ হোজাইৰ নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। বিদ্যালয়খনত সোমবাৰে বিদ্যাৰ্থীসকলক সেৱন কৰিবলৈ দিয়া হৈছিল আইৰণ টেবলেট।টেবলেট সেৱন কৰাৰ পিছত এই ছাত্ৰী দুগৰাকী ঘৰলৈ গৈ অসুস্থ হৈ পৰাৰ অভিযোগ কৰিছে অভিভাৱকে।টেবলেট সেৱন কৰা চতুৰ্থ শ্ৰেণীৰ মাৰুফা বেগম আৰু আলবিদা বেগমৰ মূৰৰ বিষ,শৌচ আৰু সঘনাই বমি হোৱাৰ পিছত মঙলবাৰে বিয়লি অভিভাৱকে চিকিৎসালয়ত ভৰ্তি কৰায়। স্কুলত আইৰণ টেবলেট সেৱন কৰাৰ ফলত ছাত্ৰী দুগৰাকী এইদৰে অসুস্থ হৈ পৰাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।আনহাতে,ছাত্ৰী দুগৰাকী টেবলেটৰ বাবে নহয়, উৎকট গৰমৰ বাবেহে অসুস্থ হোৱাৰ আশংকা প্ৰকাশ কৰিছে বিদ্যালয়ৰ শিক্ষকে।
- Log in to post comments
- 19 views