বাহাৰঘাটৰ পৰা নৰেন শৰ্মা
সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠান আজি বৰাজোল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈ যায়। বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আজিজুল ইছলামে সভাপতিত্ব কৰা আৰু সাধাৰণ সম্পাদক জীৱনজ্যোতি ডেকাই উদ্দেশ্য ব্যাখ্যা কৰা অভিনন্দন অনুষ্ঠানটি উদ্ধোধন কৰে বৰাজোল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰমণী কুমাৰ দাসে। সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট চিকিৎসক, সাহিত্যিক ডা° সমৰেন্দ্ৰ তালুকদাৰে সাম্প্ৰতিক সময়ত সংস্কাৰ আৰু মুল্যবোধৰ শিক্ষাৰ প্ৰয়োজনয়ীতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। নলবাৰী জিলা উন্নতি সভাৰ সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ ডেকাই আধুনিক শিক্ষা ব্যৱস্থাত দেখা দিয়া বিভিন্ন বিদ্যায়তনিক সমস্যাৰ আলোকপাত কৰে। সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠকে ছাত্ৰ-ছাত্ৰীসকলক পিতৃ-মাতৃ আৰু সমাজৰ প্ৰতি দায়বদ্ধ হ’বলৈ আহ্বান জনায়। জিলা আছুৰ সাধাৰণ সম্পাদক অক্ষয় ডেকাই ছাত্ৰ-ছাত্ৰীসকলক সেৱাৰ মনোভাবেৰে আগবাঢ়ি যাবলৈ পৰামৰ্শ দিয়ে। বিগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিশেষ কৃতিত্বৰে উত্তীৰ্ণ হোৱা ১৫ গৰাকী শিক্ষাৰ্থীক বিশেষভাবে অভিনন্দন জনোৱা উক্ত অনুষ্ঠানত তিনিগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক ক্ৰমে বৰাজোল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দেৱেন বসুমতাৰী, দলবাৰী কণিহা মোক্তাব প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰবীণ হালৈ আৰু বৰাজোল ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহশিক্ষক বাপুকণ দাসক ফুলাম গামোচা, গ্ৰন্থৰ টোপোলা ,ফুলাম জাপি, মানপত্ৰ আদিৰে বিশেষভাবে সম্বৰ্ধনা জনোৱা হয়। সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ৰিয়াজউদ্দিন আহমেদে আঁত ধৰা অভিনন্দন অনুষ্ঠানত উপস্থিত থাকে জিলা আছুৰ উপ সভাপতি উৎপল কলিতা, ক্ৰীড়া সম্পাদক কংকণ কলিতা, তথ্য সম্পাদক গৌতম বেজবৰুবা ,সহসম্পাদক সমৰ মহন্ত, নিৰুজউদ্দিন আহমেদ, দীগন্ত ভৰালী, বৰাজোল ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নৃপেন ডেকা, সমাজকৰ্মী খুৰচিদ আলম আৰু প্ৰাক্তন আৰু বৰ্তমানৰ ভালেমান ছাত্ৰ নেতা। উক্ত অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰা ড° কুশল কলিতাক উষ্ণ অভিনন্দন জনোৱা হয় বুলি আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ধনমনি দাসে জনাইছে।
- Log in to post comments
- 14 views