অসমৰ বান-গৰা খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ  

flood

মৰিগাঁৱৰ পৰা জিতুমণি নাথ

অসমৰ বান-গৰা খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত আজি প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ মৰিগাঁও জিলা শাখাই। উল্লেখ্য যে অসমত বান আৰু গৰাখহনীয়া সমস্যাই বছৰে বছৰে ৰাজ্যখনত প্ৰলয় সৃষ্টি কৰি বহুলোকক সৰ্বস্বান্ত কৰি আহিছে। এই ক্ষেত্ৰত ৰাজ্যখনৰ দল-সংগঠনসমুহে বিভিন্ন প্ৰতিবাদ আৰু আবেদনে কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে ৰাজ্যৰ এই জ্বলন্ত সমস্যাটোৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। যাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ এইবাৰ শ্ৰীমন্তশঙ্কৰদেৱ সংঘই গ্ৰহণ কৰিছে নিজাববীয়াকৈ পদক্ষেপ। তাৰে অংশ হিছাপে আজি সমগ্ৰ ৰাজ্যৰ ৫২ খন জিলাসমিতিৰ লগতে মৰিগাঁও জিলা শাখাইও মৰিগাঁও জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰি ৰাজ্যৰ বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ দাবী জনায়। স্মাৰকপত্ৰ কাৰ্যসূচীৰ অংশ হিছাপে শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ সম্পাদক প্ৰধান বাবুল বৰা, জিলা শাখাৰ সভাপতি প্ৰদীপ কুমাৰ বৰা, সম্পাদক সুশীল চন্দ্ৰ বাংঠাই, সঞ্চয় আৰু ঋণদান সমিতিৰ সভাপতি হৰেন্দ্ৰ বৰা, শংকৰী পৰীক্ষা পৰিষদৰ সচিব দীপাংকৰ বৰদলৈকে প্ৰমুখ্যে জিলা শাখাৰ অৰ্ধশতাধিক বিষয়ববীয়াই মৰিগাঁও বিহুতলীত সমবেত হৈ এক সমদলে জিলা উপায়ুক্ত ঋতুৰাজ বৰাক সাক্ষাৎ কৰি স্মাৰকপত্ৰখনি প্ৰদান কৰে।

Your Comments