বঙাইগাঁৱৰ প্ৰতিবেদক
আজিৰে পৰা বঙাইগাঁও জিলাত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস পালন কৰা হৈছে। জিলাখনৰ শিশুক পেলুমুক্ত কৰাৰ লক্ষ্যেৰে এই দিৱস পালন কৰা হৈছে৷ এই উপলক্ষে বঙাইগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অধীনৰ বঙাইগাঁও বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ত স্বাস্থ্য বিভাগৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে এই দিৱসৰ শুভাৰম্ভ কৰে৷ এই দিৱসত ভূমি সংক্ৰমিত পেলুজনিত ৰোগ ৰোধৰ বাবে সকলো শিশুক এলবেণ্ডাজল টেবলেট সেৱন কৰোৱা হ'ব। এলবেণ্ডাজল টেবলেট সম্পূৰ্ণ নিৰাপদ বুলি আশ্বস্ত কৰি অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে ১-১৯ বছৰৰ সকলো সন্তানকে এই টেবলেট খুৱাবলৈ তেওঁলোকক আহ্বান জনায়৷ লগতে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত তেওঁ গুৰুত্বাৰোপ কৰে৷ অনুষ্ঠানটোত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া (সংক্ৰমিত ৰোগ) ডাঃ ভূপেন বৈশ্য, জিলা সমাজ কল্যাণ বিষয়া হেমি বৰা, জিলা প্ৰাথমিক শিক্ষা বিষয়া এ হুছেইন, অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ লাৱণ্য কুমাৰ শৰ্মা আৰু মহকুমা মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ বাদল সৰকাৰ উপস্থিত থাকে৷
উল্লেখ্য যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ সহযোগত জিলা স্বাস্থ্য সমিতিয়ে এই অভিযান ৰূপায়ণ কৰিব৷ আজি বাদ পৰি যোৱা শিশু তথা শিক্ষাৰ্থীসকলক অহা ৩ ছেপ্তেম্বৰৰ ভিতৰত প্ৰতিষেধক প্ৰদান কৰা হ'ব। এই অভিযানৰ দ্বাৰা জিলাখনৰ ১-১৯ বছৰৰ মুঠ ২,৬১,৮৯১ জন শিশু আৰু যুৱক-যুৱতীক সামৰি লোৱাৰ লক্ষ্য স্থিৰ কৰা হৈছে৷ মুঠ ১০০০ অংগনৱাড়ী কেন্দ্ৰ আৰু ১,৪৯৮ খন বিদ্যালয়ত এই প্ৰতিষেধক প্ৰদান কৰা হ’ব৷ অংগনৱাড়ী কেন্দ্ৰত আশা কৰ্মী আৰু এএনএম নাৰ্চে শিশুসকলক প্ৰতিষেধক প্ৰদান কৰিব। আনহাতে বিদ্যালয়সমূহত প্ৰতিষেধক প্ৰদান কৰিব শিক্ষকসকলে। ইয়াৰ বাবে শিক্ষকসকলক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। চৰকাৰী তথা বেচৰকাৰী বিদ্যালয়সমূহৰ লগতে শিশু শ্ৰমিক, অনাথ আশ্ৰম, আশ্ৰয় গৃহত থকা শিশু আৰু পথত থকা শিশুসকলকো এই অভিযানত সামৰি লোৱা হ’ব৷ উল্লেখ্য যে ভূমি সংক্ৰমিত পেলুজনিত ৰোগ ৰোধৰ বাবে স্বাস্থ্য মন্ত্ৰ্যালয়ে ২০১৬ চনৰ পৰা সমগ্ৰ দেশজুৰি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস পালন কৰি আহিছে৷ প্ৰতি বছৰে দুবাৰকৈ ফেব্ৰুৱাৰী আৰু আগষ্টত এই দিৱস পালন কৰা হয়। পেলুৰ দ্বাৰা আক্ৰান্ত হোৱাৰ ফলত শিশুৰ লগতে যুৱক-যুৱতীসকলো ৰক্তহীনতাকে ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হয়৷ সমগ্ৰ বিশ্বৰ ১-১৯ বছৰ বয়সৰ ২৮ শতাংশ আৰু ভাৰতৰ ৬৮ শতাংশ লোক পেলুজনিত ৰোগত আক্ৰান্ত হয়।
- Log in to post comments
- 10 views