শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই
শিৱসাগৰ চহৰ দিনক দিনে চোৰ-ডকাইতৰ বিচৰণ ক্ষেত্ৰলৈ পৰিণত হৈছে। শিৱসাগৰ আৰক্ষীৰ চকুৰ সন্মুখতেই নিতৌ ইটোৰ পিছত সিটো চুৰি কাৰ্য সংঘটিত হৈ আছে। শিৱসাগৰ আৰক্ষী চোৰক কৰায়ত্ত কৰাত এক প্ৰকাৰে অসহায় হৈ পৰিছে। শিৱসাগৰ চহৰত সোমবাৰে নিশাও ফুকন নগৰ নামঘৰত সংঘটিত হ'ল এক চুৰি কাৰ্য। কালি নিশা চুৰে নামঘৰৰ দৰ্জাৰ তলা ভাঙি নামঘৰৰ দানপাত্ৰৰ পৰা নগদ ধন চুৰি কৰি লৈ যায়। তদুপৰি দেওবাৰৰ নিশা চহৰৰ টাই সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ সন্মুখত থকা ট্ৰেইলাৰিং প্ৰশিক্ষণ দিয়া প্ৰতিষ্ঠান এখনৰ পৰা সাতটাকৈ চিলাই মেচিন চুৰি কৰি নিয়ে চুৰৰ দলটোৱে। একেটা স্থানতে থকা আন এখন ট্ৰেইলাৰিংৰ দোকানৰ পৰা যোৱা ১৭ আগষ্টৰ নিশা চুৰে ৫ টা চিলাই মেচিন চুৰি কৰি নিয়ে। ১৭ আগষ্টৰ চুৰিৰ ঘটনাৰ পিছতেই সেই স্থানত আৰক্ষীৰ পহৰা অধিক হ'ব বুলি ধাৰণা কৰা হৈছিল যদিও শিৱসাগৰ আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই পুনৰ একে স্থানৰ পৰা দেওবাৰে নিশা চুৰে চুৰি কাৰ্য কৰিলে। ঘটনাৰ পিছতেই শিৱসাগৰ আৰক্ষীয়ে চহৰৰ বিভিন্ন স্থানৰ পৰা ৩০ টা মান শিশু-যকিশোৰক আটক কৰিছে আৰু তাৰে দুটামানৰ স্বীকাৰোক্তিৰ ভিত্তিত ষ্টেচন চাৰিআলিৰ দোকান এখনৰ পৰা চিলাই মেচিনসমুহ উদ্ধাৰ কৰে। চোৰৰ বিৰুদ্ধে আৰক্ষীৰ এই অভিযান চলি থকাৰ মাজতে কালি নিশা ফুকন নগৰ নামঘৰত চুৰি কাৰ্য হোৱা ঘটনাই শিৱসাগৰ আৰক্ষীৰ ব্যৰ্থতাকে বুজাইছে।
চহৰৰ শংকৰমন্দিৰ পথত দেওবাৰে নিশা থকা শ্ৰীমন্তশংকৰদেৱ সমাজ নামঘৰৰ খিৰিকি ভাঙি চোৰে বানবাতি, ভোৰতাল আদিকে ধৰি বিভিন্ন সামগ্ৰী চুৰি কৰি নিয়ে। ঘটনাৰ সন্দৰ্ভত নামঘৰ সমিতিয়ে শিৱসাগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে কোনো সফলতা লাভ কৰা নাই। কিছুদিন পূৰ্বে বৰ্ডিং ৰোডৰ পৰা ইণ্ডিয়ান অভাৰচীজ বেংকৰ এটিএম মেচিন এটা উঠাই নিয়াৰ লগতে মেটেকাৰ দুটাকৈ নামঘৰৰ পৰা একে নিশাই চোৰে লুটপাত চলায়। উল্লেখ্য যে চহৰত নিশা আৰক্ষীৰ পহৰাৰ লগতে গাওঁৰক্ষী বাহিনীৰ জোৱানেও পহৰা দি থকা অৱস্থাত কেনেদৰে চোৰে চুৰি কাৰ্য সংঘটিত কৰিব পাৰিছে তাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
- Log in to post comments
- 8 views