চিৰাঙত আই নৈৰ বান- খহনীয়া প্ৰতিৰোধৰ বাবে ৩০ কোটি টকীয়া বৃহৎ আঁচনিৰ শিলান্যাস হাগ্ৰামাৰ

hagrama

বঙাইগাঁওঃ

 চিৰাং জিলাৰ মাজেৰে বৈ যোৱা আই নদীৰ বানত ক্ষতিগ্ৰস্ত বিস্তৃত অঞ্চলৰ খহনীয়া প্ৰতিৰোধৰ বাবে প্ৰতিৰোধী বান্ধ, দেৱাল তথা পথ নিৰ্মানৰ বাবে ৩০ কোটি টকীয়া এক বৃহৎ আঁচনিৰ সোমবাৰে আনুষ্ঠানিকভাৱে শিলান্যাস কৰে বিটিচি চীফ হাগ্ৰামা মহিলাৰীয়ে । এই আঁচনিৰ জৰিয়তে জিলাখনৰ বেংতল ৰাজহ চক্ৰৰ অন্তৰ্গত ডোমগাঁৱৰ পৰা কুকুৰমাৰীলৈ প্ৰায় ১৩.১০ কিলমিটাৰ নৈ পৰীয়া বান খহনীয়া অঞ্চল ইয়াৰ দ্বাৰা উপকৃত হ'ব । উত্তৰ পূৱ উন্নয়ন মন্ত্ৰণালয়ৰ অন্তৰ্গত তথা উত্তৰ পূৱ বিশেষ আন্ত:গাঁথনি উন্নয়ন আঁচনিৰ অধীনৰ প্ৰস্তাৱিত এই প্ৰকল্পত দলং তথা ২.৫ কি.মি দৈৰ্ঘ্যৰ পথ , ৪৫০ মিটাৰ দৈৰ্ঘ্যৰ দেৱাল , ৪৫০ মিটাৰ দৈৰ্ঘ্যৰ খহনীয়া প্ৰতিৰোধী বান্ধ সাঙুৰি লোৱা হৈছে বুলি প্ৰশাসনৰ সূত্ৰই সদৰি কৰে । এই উপলক্ষে জিলাখনৰ ছোট নিলিবাৰীস্থিত আই নৈৰ পাৰত সোমবাৰে পুৱা ৯ বজাত আঁচনিখনৰ শিল্যানাসৰ পিছত অনুষ্ঠিত এক সভাত বিটিচি প্ৰমূখ গৰাকীয়ে বিটিএডি অঞ্চলৰ মাজেৰে বৈ যোৱা মুঠ ২৯ খন নদী তথা উপ - নদীয়ে ক্ষতিগ্ৰস্ত কৰা অঞ্চলৰ বান তথা খহনীয়া প্ৰতিৰোধৰ বাবে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈও ব্যৱস্থা গ্ৰহণ কৰা বুলি নিজ ভাষণত উল্লেখ কৰে ৷hagrama

আনহাতে আগন্তুক অক্টোৱৰ মাহৰ ভিতৰত ৰূপসী বিমান বন্দৰৰ পৰা বিমান সেৱা মুকলি কৰা হ'ব বুলিও প্ৰকাশ কৰে ৷ ইপিনে বড়োলেণ্ড পিপুলছ পাৰ্টীৰ লগত এবছু আৰু ইউ পি পি এলৰ লগত হোৱা আলোচনাৰ কথা স্বীকাৰ কৰি মহিলাৰীয়ে কয় যে আলোচনা চলা কথাটো হয় ৷ কিন্তু এতিয়ালৈকে একো সিদ্ধান্ত হোৱা নাই ৷ হাগ্ৰামা মহিলাৰীয়ে বিটিএটিত বিপিএফৰ সৈতে সকলোকে চামিল হৈ শান্তি আৰু উন্নয়নৰ হকে কাম কৰাৰ বাবে আহ্বান জনায় ৷ সভাখনত স্থানীয় বিধায়ক তথা ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্মৰ লগতে বিটিচিৰ প্ৰাক্তন অধ্যক্ষ পানীৰাম ব্ৰহ্ম , বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জেমচ বসুমতাৰীকে আদি কৰি কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।  উল্লেখ্য যে যোৱা ২০১৭ চনতেই আই নৈৰ দুয়োপাৰৰ দুকুৰিৰো অধিক গাঁৱৰ খেতি পথাৰ বানে নষ্ট কৰাৰ লগতে ঘৰ - বাৰী উটুৱাই নি জনসাধাৰণৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰিছিল ।

Your Comments