বঙাইগাঁৱৰ ছিপনছিলাত নৃশংস হত্যাকাণ্ড : চোকা অস্ত্ৰৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এজনে,অভিযুক্তৰ গৃহত অগ্নি সংযোগ 

bgn

বঙাইগাঁওঃ

বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত ছিপনছিলাত দেওবাৰে নিশা এক নৃশংস হত্যাকাণ্ড সংঘটিত হয় ৷ ছিপনছিলা বৰপাৰা গাঁৱৰ বাসিন্দা ধনঞ্জয় ৰায় নামৰ যুৱক এজনে চুৰি জাতীয় চোকা অস্ত্ৰৰে আক্ৰমণ কৰাত ছিপনছিলা সূত্ৰধৰপাৰা গাঁৱৰ প্ৰয়াত মনেশ্বৰ ৰায়ৰ পুত্ৰ প্ৰবীণ ৰায়(৩২) ৰ মৃত্যু হয় ৷ ইতিমধ্যে এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে ছিপনছিলা সূত্ৰধৰপাৰাৰ প্ৰবীণ ৰায়ে আন দুই বন্ধুৰ সৈতে নিশা ৭ঃ ৩০ মান বজাত ছিপনছিলা গাঁও পঞ্চায়ত কাৰ্যালয়ৰ ওচৰৰ মূল ৰাজ পথৰ দাঁতিত বহি কথা পাতি আছিল ৷ এইদৰে বহি কথা পাতি থকাৰ সময়তে উক্ত পথেৰে ধনঞ্জয় ৰায় নামৰ যুৱকজনে আন এজন যুৱকৰ সৈতে কুঁজীয়া নৈত মাছ মাৰি চাইকেলেৰে আহি উক্ত স্থানত উপস্থিত হয় আৰু পথৰ দাঁতিত বহি থকা প্ৰবীণ আৰু তেওঁৰ বন্ধুৰ সৈতে পথত কিয় বহি আছে বুলি কৈ পথ এৰি দিয়া-নিদিয়াকলৈ তৰ্কাতৰ্কিত লিপ্ত হয় ৷ এই দৰে তৰ্কাতৰ্কি চলি থকাৰ মাজতে হঠাতে ধনঞ্জয় ৰায় নামৰ যুৱকজনে লগত থকা চুৰি জাতীয় চোকা অস্ত্ৰৰে প্ৰবীণ ৰায় নামৰ যুৱকজনৰ দেহৰ বিভিন্ন স্থানত আক্ৰমণ কৰে ৷ চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত প্ৰবীণ ৰায়ে আত্ম ৰক্ষাৰ বাবে কিছু দূৰলৈ গৈ বাগৰি পৰে ৷

bgn2 পিছত স্থানীয় লোকে গুৰুতৰভাৱে আহত প্ৰবীণক বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে যুৱকজনক মৃত বুলি ঘোষণা কৰে ৷ ইপিনে এই ঘটনাৰ পিছতে অঞ্চলটোত তীব্য চাঞ্চল্যৰ সৃষ্টি হয় ৷ লগতে ক্ষুদ্ধ হৈ পৰে ৰাইজ ৷ ঘটনাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত বঙাইগাঁও থানাৰ আৰক্ষী উপস্থিত হয় আৰু হত্যাকাৰীৰ সন্ধানত নামি পৰে ৷ কিন্তু আৰক্ষীয়ে হত্যাকাৰীৰ সন্ধানত অভিযান চলায় যদিও হত্যাকাৰীক আটক কৰিবলৈ সক্ষম নহ'ল ৷ এই হত্যাকাণ্ডকলৈ উত্তেজিত হৈ পৰা একাংশ স্থানীয় ৰাইজে নিশা হত্যাকাৰী ধনঞ্জয় ৰায়ৰ গৃহত উপস্থিত হৈ ঘৰত অগ্নি সংযোগ কৰাৰ লগতে দুটাকৈ ঘৰ ভাঙি বয়- বস্তুসমূহ লণ্ড ভণ্ড কৰি ক্ষতি সাধন কৰে ৷ অৱশ্যে জুইত ঘৰৰ কাপোৰ - কানি তথা কিছু পৰিমাণে ধান আদিৰ ক্ষতি হয় যদিও বাসগৃহটো ৰক্ষা পৰে ৷ আনহাতে আজি দিনৰ ভাগত প্ৰবীণ ৰায়ৰ মৃতদেটো মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছত ছিপনছিলা সূত্ৰধৰপাৰাস্থিত নিজ বাসগৃহলৈ লৈ যোৱা হয় ৷ লগে লগে সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ ৷ ইপিনে ক্ষুদ্ধ হৈ থকা স্থানীয় ৰাইজে প্ৰবীণৰ মৃতদেহটো ৰাজহুৱা শ্মশানত শেষকৃত সম্পন্ন কৰাৰ সলনি হত্যাকাৰী ধনঞ্জয় ৰায়ৰ ঘৰৰ চোতালতহে শেষকৃত সম্পন্ন কৰাৰ বাবে সিদ্ধান্ত লয় ৷ কিন্তু জিলা প্ৰশাসনৰ কাৰ্যবাহী দণ্ডাধীশ পাৰ্থ প্ৰতীম খনিকৰ ,জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমৰ চৌধুৰী, বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতি লাহন আদি উপস্থিত হৈ ক্ষুদ্ধ ৰাইজক বুজাই বঢ়াই ক্ষান্ত কৰাৰ লগতে দোষীক কৰায়ত্ত কৰি উপযুক্ত শাস্তি প্ৰদানৰ আশ্বাস প্ৰদান কৰাত পিছত ৰাইজে স্থানীয় শ্মশানত প্ৰবীণ ৰায়ৰ মৃতদেহৰ শেষকৃত সম্পন্ন কৰে ৷ উল্লেখ্য যে মৃত প্ৰবীণ ৰায়ে ৰাজমিস্ত্ৰীৰ কাম কৰিছিল ৷ পৰিয়ালত পত্নী আৰু এটি সন্তান আছে ৷ ইপিনে হত্যাকাণ্ড সন্দৰ্ভত মৃত প্ৰবীণ ৰায়ৰ ককায়েকে ধনঞ্জয় ৰায়ৰ বিৰুদ্ধে বঙাইগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ৬২৯/ ১৯ নম্বৰৰ এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷ লগতে হত্যাকাণ্ডৰ মূল অভিযুক্ত ধনঞ্জয় ৰায়ক আটক কৰাৰ বাবে আৰক্ষীয়ে নিশাৰে পৰা বিভিন্ন স্থানত অভিযান অব্যাহতৰাখিছে যদিও পলাতক হৈ আছে যুৱকজন ৷

Your Comments