চিৰাঙৰ চাপাগুৰিত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ : পাঁচ যুৱক আটক

bgn

বঙাইগাঁওঃ 

 চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত চাপাগুৰিত গাঞ্জাসহ পাঁচজন যুৱকক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে । এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত ঢালিগাঁও আৰক্ষীয়ে উপ-আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত চলোৱা অভিযানত গাঞ্জাসহ এই পাঁচ গাঞ্জা সৰবৰাহকাৰীক আটক কৰে ৷ উল্লেখ্য যে যুৱক পাঁচজনে ৰৌমাৰীৰ পৰা এই গাঞ্জাখিনি লৈ চাপাগুৰিৰ ৩১ নং ফ'ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত উঠাৰ সময়তে দেওবাৰে সন্ধিয়া ৭ মান মান বজাত আৰক্ষীয়ে আটাইকেইজনক আটক কৰে। লগতে যুৱককেইজনৰ পৰা ২৭.৫০০ কিল'গ্ৰাম গাঞ্জা উদ্ধাৰ কৰা বুলি আৰক্ষী সূত্ৰই সদৰি কৰে । ধৃত গাঞ্জা সৰবৰাহকাৰী কেইজন হ'ল ক্ৰমে -  ২ নং চাপাগুৰিৰ সৌমখৌৰ ব্ৰহ্ম, ৰৌমাৰীৰ ডেভিদ বসুমতাৰী, কাৰিগাঁৱৰ কনকলাল ব্ৰহ্ম, কাজিগাঁও থানাৰ মাগুৰমাৰী গাঁৱৰ সৌংছাৰ ঔৱাৰী আৰু দৈমালু ব্ৰহ্ম ।

bgn2এই সন্দৰ্ভত ঢালিগাঁও আৰক্ষীয়ে ১৯১/১৯ নং গোচৰ ৰুজু কৰি ধৃত যুৱক কেইজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে । উল্লেখ্য যে দুদিন পূৰ্বেও ঢালিগাঁৱত ৰাষ্ট্ৰীয় ঘাইপথত ব্ৰাউন চুগাৰসহ এজন ড্ৰাগছ সৰবৰাহকাৰী তথা ব্যৱসায়ীক আৰক্ষীয়ে  আটক কৰিছিল । সম্প্ৰতি নামনি অসমত ড্ৰাগছ , গাঞ্জা, ব্ৰাউন চুগাৰ, হেৰ'ইনকে আদি কৰি বিভিন্ন ধৰণৰ নিচা জাতীয় দ্ৰব্য উভৈনদী হৈ পৰাত উঠি অহা কম বয়সীয়া ল'ৰা-ছোৱালীৰ ইয়াৰ প্ৰতি আসক্তি বৃদ্ধি  পোৱাত সচেতন মহলে চিন্তিত হৈ পৰিছে ।

Your Comments