নৰেন শৰ্মা,বাহাৰঘাট :
অসমৰ ভ্ৰাম্যমান নাট্য জগতৰ সোনালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা নলবাৰী জিলাৰ মৰোৱাস্থিত " থিয়েটাৰ ভাগ্যদেৱী"ৰ এইবেলি ৫২ সংখ্যক নাট্যবৰ্ষৰ শুভ উদ্ধোধনী অনুষ্ঠান অনুষ্ঠিত হব বুলি জানিব পৰা গৈছে।অহা ২৮তাৰিখে শংকৰদেৱ ক্ষেত্ৰ মৰোৱাত সন্ধিয়া ৮ - ১৫ বজাত নাট্যদলটোৰ ৫২ সংখ্যক নাট্যবৰ্ষৰ শভ উদ্ধোধনী অনুষ্ঠান, বন্তি প্ৰজ্বলন, বাৰ্ষিক মুখপত্ৰ উন্মোচনৰ পিছতে নাটকাৰ হিমাংশু প্ৰসাদ দাসৰ " লংকা কাণ্ড " নাটক খনেৰে নাট্যদলটোৰ ৫২ সংখ্যক নাট্যবৰ্ষৰ শুভমুক্তি কৰিব।নাট্যদলটোৰ আন তিনিখন নাটক ক্ৰমে ধ্ৰুৱজ্যোতি শৰ্মাৰ " দেৱতাৰ নিৰ্মালি " ,পল্লৱ পবনৰ " বৃন্দাৱনত বৰষুন " আৰু অভিজিত ভট্ৰাচাৰ্যৰ " মানুহৰ গেৰেজ "।ইফালে এই শুভ উদ্ধোধনী অনুষ্ঠানটোতে থিয়েটাৰ ভাগ্যদেৱীৰ প্ৰতিষ্ঠাপক প্ৰয়াত শৰৎ মজুমদাৰৰ স্মৃতিত প্ৰদান কৰি অহা " শৰৎ মজুমদাৰ " বঁটা এইবেলি ( ২০১৯ বৰ্ষৰ ) প্ৰদান কৰিব ভ্ৰাম্যমান থিয়েটাৰৰ বলিষ্ঠ অভিনেতা ,নটসূৰ্য বঁটা বিজয়ী তথা দধীচিখ্যাত জীৱেশ্বৰ ডেকাক।
- Log in to post comments
- 43 views