দক্ষিণ কামৰূপৰ পৰা নীহাৰিকা তালুকদাৰ :
৬ছেপ্টেম্বৰ ত মুক্তি পাবলগীয়া জুবিন গাৰ্গৰ শেহতীয়া ছবি কাঞ্চন জংঘাৰ আজি বিয়লি প্ৰচাৰ চলাই ছয়গাওঁত।ছয়গাওঁৰ নাট্যমন্দিৰ প্ৰাংগণত সদৌ অসম ছাত্ৰ সন্থাৰ ৫০সংখ্যক বার্ষিক অধিৱেশন আৰু বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজনৰ শেষত যুৱ প্ৰজন্মৰ হাৰ্টথৰ্ব জুবিন গাৰ্গ আৰু ছবিখনৰ কর্মকৰ্তা সকলে হলত গৈ কেৱল কাঞ্চনজংঘাই নহয় অসমীয়া চিনেমা চাবলৈ সকলোকে অনুৰোধ জনায়।ভিলেজ ৰকষ্টাৰ খ্যাত ৰিমা দাসৰ ছয়গাওঁৰ পৰাই অসমীয়া চিনেমা হলত চোৱাৰ আন্দোলন গঢ়ি উঠিব লাগে বুলিও জনাই ছবিখনৰ কৰ্মকৰ্তাসকলে।লগতে সদৌ অসম ছাত্ৰ সন্থাক ধন্যবাদ জনোৱাৰ লগতে চিনেমাখনৰ প্ৰচাৰ অভিযানত বিভিন্ন ঠাইত সহযোগিতা কৰা বুলিও ব্যক্ত কৰে শিল্পী গৰাকীয়ে।উজনি নামনিৰ বহু ঠাইত জনতাৰ অপূৰ্ব সঁহাৰি লাভ কৰিছে। উল্লেখ্য যে 'ধূলিকণা' শীৰ্ষক গীতটো গাই উপস্থিত সকলোকে আমোদ দিয়ে হাৰ্টথৰ্ব গৰাকীয়ে।
- Log in to post comments
- 14 views