মাজুলীত বৃদ্ধি ৰাজহ চক্ৰৰ সংখ্যা : উজনি মাজুলীক লৈ নতুন ৰাজহ চক্ৰ গঠনৰ অধিসূচনা ৰাজ্য চৰকাৰৰ

majuli

ৰাজীৱ পাতিৰ,মাজুলী :

মাজুলী জিলাত দুটালৈ বৃদ্ধি পালে ৰাজহ চক্ৰৰ সংখ্যা। নদীদ্বীপ জিলাখনৰ জনসাধাৰণৰ সহায় হোৱাকৈ জিলাখনত ভূমি ৰাজহ বিষয়ক প্ৰশাসনীয় পৰিকাঠামোৰ সংস্কাৰ সাধনৰ বাবে জিলা প্ৰশাসনৰ ফালৰ পৰা আগবঢ়োৱা প্ৰস্তাৱত অনুমোদন জনাই ৰাজ্য চৰকাৰে মাজুলী জিলাত দ্বিতীয়টো ৰাজহ চক্ৰ গঠনৰ আনুষ্ঠানিক সিদ্ধান্ত লৈছে। ৰাজ্যপালৰ বিধিগত সন্মতিৰে মাজুলী ৰাজহ চক্ৰক দ্বিবিভক্ত কৰি নতুনকৈ উজনি মাজুলী ৰাজহ চক্ৰ নামেৰে জিলাখনৰ এই দ্বিতীয়টো ৰাজহ চক্ৰ গঠনৰ আনুষ্ঠানিক অধিসূচনা জাৰি কৰে। ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই যোৱা ১ আগষ্টতে জাৰি কৰা এই চৰকাৰী অধিসূচনাৰ প্ৰতিলিপি আজি মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই লাভ কৰিছে। এই অধিসূচনা অনুসৰি শালমৰা মৌজা এলেকাক সামৰি উজনি মাজুলী ৰাজহ চক্ৰ গঠন কৰা হৈছে। নতুন ৰাজহ চক্ৰটোৰ কাৰ্যালয় জেংৰাইমুখত স্থাপন কৰা হ'ব। দক্ষিণপাট সত্ৰ, বনগাঁও, ফুলনি, জেংৰাইমুখ, ৰতনপুৰ মিৰিকে ধৰি বৰ্তমানৰ উজনি মাজুলী উন্নয়ন খণ্ড এলেকাৰ অধীনৰ কিছু অংশৰ বাদে বেছি অংশকে এই নতুন ৰাজহ চক্ৰটোৱে সামৰি ল'ব। উল্লেখ্য যে, উজনি মাজুলীবাসী ৰাইজক সকাহ দিয়াৰ স্বাৰ্থত জিলাখনৰ সমগ্ৰ এলেকাকে সামৰি থকা বৰ্তমানৰ মাজুলী ৰাজহ চক্ৰক দুভাগত বিভক্ত কৰি নতুনকৈ এটা ৰাজহ চক্ৰ গঠনৰ বাবে মাজুলী জিলা প্ৰশাসনে ইতিপূৰ্বে ৰাজ্য চৰকাৰৰ ৰাজহ আৰূ দুৰ্যোগ প্ৰশমন বিভাগলৈ বিস্তৃত প্ৰতিবেদনসহ প্ৰস্তাৱ পঠিয়াইছিল। এই প্ৰস্তাৱটি অনুমোদনৰ বাবে জিলাৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই সঘনাই ৰাজ্য চৰকাৰৰে যোগাযোগ অব্যাহত ৰখাৰ লগতে ইয়াৰ গ্ৰহণযোগ্যতা সাব্যস্ত হোৱাকৈ প্ৰয়োজনীয় সকলো গুৰুত্বপূৰ্ণ তথ্য-পাতি তথা নথি-পত্ৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগক সময়মতে অৰ্পণৰো ব্যৱস্থা কৰে। মাজুলীৰ উপায়ুক্ত মিশ্ৰই এই সিদ্ধান্তৰ বাবে ৰাজ্য চৰকাৰলৈ কৃতজ্ঞতা জনোৱাৰ লগতে জিলাখনে দ্বিতীয়টো ৰাজহ চক্ৰ লাভ কৰাৰ বাবে উজনি মাজুলীবাসীৰ লগতে মাজুলী জিলাৰ সমূহ জনসাধাৰণক অভিনন্দন জনাই উপায়ুক্ত গৰাকীয়ে। স্মৰ্তব্য যে, উজনি মাজুলী এলেকাক লৈ জিলাখনত দ্বিতীয়টো ৰাজহ চক্ৰ গঠনৰ অধিসূচনা জাৰি কৰি জিলাখনত ভূমি ৰাজহ বিষয়ক প্ৰশাসনিক পৰিকাঠামোৰ সংস্কাৰ সাধনৰ বাবে জিলা প্ৰশাসনে আগবঢ়োৱা দুটাকৈ গুৰুত্বপূৰ্ণ প্ৰস্তাৱত ৰাজ্য চৰকাৰে অনুমোদন জনালে। ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰে নদীদ্বীপ জিলাখনত ভূমি জৰীপৰ বাবে জিলা প্ৰশাসনে আগবঢ়োৱা আন এটা প্ৰস্তাৱতো চলিত বৰ্ষতে অনুমোদন জনোৱাৰ সূত্ৰে মাজুলীত কেইবাদশকৰ মূৰত ভূমি জৰীপৰ কাম শেহতীয়াকৈ আৰম্ভ হৈছে ।

Your Comments