প্ৰচণ্ড ধুমুহাত ক্ষতিগ্ৰস্ত সোণাৰিৰ সাপেখাতীৰ বহু অঞ্চল : ঘৰ দুৱাৰ ভঙাৰ লগতে বিজুলি যোগান ব‍্যাহত 

sonri

সোণাৰিৰ পৰা ঘন বৰাৰ প্রতিবেদন :

প্ৰচণ্ড ধুমুহাত উজনি অসমৰ  চৰাইদেউ জিলাৰ সাপেখাতী , বৰহ , ধুনীয়া পথাৰ , চতিয়নাগুৰি  আদি অঞ্চলত বিস্তৰ ক্ষতিগ্ৰস্ত হয় । আজি পুৱতি নিশা অহা প্ৰচণ্ড ধুমুহা জাকে প্ৰকাণ্ড প্ৰকাণ্ড গছ বগৰাই বিদুৎ পৰিবাহী তাৰৰ ওপৰত পেলোৱাৰ লগতে বিদ্যুতৰ বহু খুটা ভাঙি পেলোৱাত কেইবাটাও অঞ্চলত বিদুৎ যোগান ব্যাহত হৈ পৰে। আজিৰ এই ধুমুহাৰ প্ৰভাৱত  অঞ্চলটোৰ প্ৰায় ৪০ টা মান  পৰিয়ালৰ ঘৰ ভাঙি পৰে।son

ফলত একাংশ পৰিয়ালৰ ৰন্ধা-বঢ়া তথা থাকিবলৈ ঘৰ নোহোৱা হৈ পৰে। ইফালে বাতৰি সংগ্ৰহ কৰা সময়ৰ লৈকে কোনো প্ৰশাসনিক বিষয়া আৰু স্থানীয় গাওঁ বুঢ়া ঘটনাস্থলীত উপস্থিত হোৱা দেখা নগ'ল ।

Your Comments