শিৱসাগৰৰ এন আৰ চি সেৱা কেন্দ্ৰৰ নৈশ চকিদাৰক প্ৰহাৰ : সুৰাৰ ঘাটিত পৰিণত হৈছে এন আৰ চি সেৱা কেন্দ্ৰ

sibsagar

শিৱসাগৰৰ  পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁইৰ প্রতিবেদন :

শিৱসাগৰৰ এটা এন আৰ চি সেৱা কেন্দ্ৰত  দেওবাৰে নিশা নৈশ চকিদাৰক এদল সুৰামত্ত যুৱকে প্ৰহাৰ কৰা ঘটনাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 

এন আৰ চিৰ চুড়ান্ত খচৰা প্ৰকাশৰ বাবে মাজত মথো চাৰিটামান দিন বাকী থকা অৱস্থাত শিৱসাগৰৰ কে পি চাৰিআলিৰ পুৰণি পুথিভঁড়ালত থকা এন আৰ চিৰ সেৱা কেন্দ্ৰটোৰ নৈশ চকিদাৰজনক পাঁচজনীয়া যুৱকৰ দল এটাই দেওবাৰে নিশা গুৰুলা গুৰুল কৈ প্ৰহাৰ কৰে। দূৰ্বৃত্তৰ প্ৰহাৰত আহত নৈশ চকিদাৰ জনৰ নাম অতুল বৰা। ২০১৪ চনৰ পৰাই কেন্দ্ৰটোত অতুল বৰা নৈশ চকিদাৰ হিচাপে কৰ্মৰত আছিল। মূৰত ডিঙিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অতুল বৰা বৰ্তমান শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

উত্থাপিত অভিযোগ অনুসৰি এন আৰ চি সেৱা কেন্দ্ৰটোৰ চৌহদত চলি থকা আনন্দ মেলাৰ উদ্যোক্তাই নৈশ চকিদাৰজনক প্ৰহাৰ কৰে। উল্লেখ্য যে বিগত দহ দিন মানৰ আগৰ পৰা পুৰণি পুথিভঁড়ালৰ চৌহদত আনন্দ মেলা অনুষ্ঠিত হৈ আহিছে। এন আৰ চি কেন্দ্ৰটোৰ সন্মুখত তাদন্তকাৰী আৰক্ষীয়ে বহুকেইটা সুৰাৰ বটলো উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে।

এতিয়া প্ৰশ্ন হয়, উচ্চতম ন্যায়ালয়ৰ তত্বাধাৱনত ৰাজ্যত এন আৰ চিৰ দৰে স্পৰ্শকাতৰ বিষয় এটাৰ কাম-কাজ চলি থকাৰ সময়ত এন আৰ চিৰ সেৱা কেন্দ্ৰ য'ত বহু গুৰুত্বপূৰ্ণ তথ্য মজুত আছে,  তেনে এক স্থানত আনন্দ মেলা পাতিবলৈ কিয় অনুমতি দিয়া হল তাক লৈ শিৱসাগৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Your Comments