অৰুণ জেটলীৰ জীৱন পৰিক্ৰমা

jetli

তপন বৰগোহাঁইৰ প্রতিবেদন :

যোৱা ৯আগষ্টৰ পৰা দিল্লীৰ এইমচত চিকিৎসাধীন হৈ থাকি অৱশেষত শনিবাৰে মৃত্যুৰ ওচৰত হাৰ মানিলে প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলিয়ে।শনিবাৰে দিনৰ ১২.৭বজাত দেহাৱসান ঘটা জেটলি দীর্ঘদিনৰ পৰা বৃক্ক ৰোগত আক্রান্ত হৈ আছিল। দিল্লীৰ এইমচত যোৱা ৯আগষ্টত ভৰ্তি কৰোৱাৰ পাছৰে পৰাই ক্ৰমাৎ অৱনতি ঘটিছিল তেওঁৰ স্বাস্থ্যৰ। এইমচৰ অভিজ্ঞ চিকিৎসকৰ দলে প্ৰাক্তন বিত্তমন্ত্ৰী গৰাকীক সুস্থ কৰি তোলাৰ বাবে আইচিইউত লাইফ চাপোৰ্ট চিষ্টেমত ৰাখি চিকিৎসা চলাইয়ো সুস্থ কৰিব নোৱাৰিলে বৰ্ষিয়ান নেতা গৰাকীক।

১৯৫২চনৰ ২৮ডিছেম্বৰত দিল্লীত জন্মগ্ৰহণ কৰা জেটলীৰ পিতৃ আছিল অধিবক্তা মহাৰাজ কিসেন জেটলী আৰু মাতৃ আছিল ৰতন প্ৰভা জেটলি। শিক্ষা জীৱন আৰম্ভ হৈছিল দিল্লীৰ চেণ্ট জেভিয়াৰ্ছ স্কুলৰ পৰা।১৯৭৩ চনত দিল্লীৰ শ্ৰী ৰাম বাণিজ্য মহাবিদ্যালয় পৰা বি.কম সুখ্যাতিৰে উত্তীৰ্ণ হয়।তাৰ পাছতেই দিল্লী বিশ্ববিদ্যালয় অধীনৰ ফেকালটি অফ ল,কলেজৰ পৰা আইনত এল এল বি ডিগ্ৰী গ্ৰহণ কৰে। 

১৯৭৪ চনত দিল্লী বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ সময়তে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ পৰা তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতিৰ হিচাপে নিৰ্বাচিত হৈছিল।ইয়াৰ পাছতেই ১৯৭৭ চনত জেটলীক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সম্পাদক আৰু পিছলৈ এবিভিপিৰ দিল্লীৰ সভাপতি হিচাপে নিযুক্তি দিয়া হয়। তাৰ পৰৱৰ্তী সময় চোৱাত অৰ্থাৎ ১৯৮০চনত তেওঁ জড়িত হৈ পৰে ভাৰতীয় জনতা পাৰ্টীৰ লগত।

ইফালে ৰাজনৈতিক জীৱন আৰম্ভ কৰি দলৰ হৈ কাম কৰি ১৯৯১চনত জেটলী ভাৰতীয় জনত পাৰ্টীৰ  ৰাষ্ট্রীয় কাৰ্যনিৰ্বাহকৰ সদস্য হিচাপে অন্তভুক্ত হয়।তাৰ পাছত ১৯৯৯চনৰ সাধাৰণ নিৰ্বাচনৰ সময়লৈকে ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকীৰ মুখপাত্ৰ হিচাপে জেটলীয়ে নিজৰ দায়িত্ব পালন কৰিছিল।

তাৰ পৰৱৰ্তী সময়ত ১৯৯৯ চনৰ এনডিএ চৰকাৰৰ দিনত তেওঁ তথ্য আৰু প্ৰচাৰ বিভাগৰ স্বতন্ত্ৰ মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰিছিল।অৰ্থাৎ ৰাজনৈতিক জীৱনত প্ৰথমবাৰৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।তাৰ পাছত ২০০২চনত কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হিচাপে তেওঁ নিযুক্তি লাভ কৰিছিল।তাৰ পাছত ২০০৪চনৰ জেটলীয়ে বিজেপি দলৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব পালন কৰিছিল। বিজেপিৰ জ্যেষ্ঠ নেতা এল কে আদৱানীয়ে তেওঁক ৰাজ্য সভাৰ বিৰোধীৰ নেতা হিচাপেও নিৰ্বাচিত কৰিছিল।

তাৰ পাছতে দলৰ এক ব্যক্তি এক পদ নীতিৰ বাবে ২০০৯ চনত তেওঁ সাধাৰণ সম্পাদক পদ ত্যাগ কৰে।কিন্তু তেওঁ দলৰ কেন্দ্ৰীয় নিৰ্বাচনী কমিটিৰ সদস্য হিচাপে জড়িত হৈ থাকে। একেদৰে তেওঁৰ ৰাজ্যসভাৰ বিৰোধী দলৰ দলপতি হৈ থকাৰ সময়তে ৰাজ্যসভাত মহিলাৰ বাবে আসন সংৰক্ষণ বিল সন্দৰ্ভত গুৰুত্ত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।ইয়াৰ উপৰিও আন্না হাজাৰে "জন লোকপাল বিলক"তেওঁ সমৰ্থন কৰিছিল।

তাৰ পাছত ২০১৪চনৰ লোকসভাৰ নিৰ্বাচনত অমৃতচৰৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াইছিল।কিন্তু কংগ্ৰেছ প্ৰাৰ্থী অমৰিন্দ্ৰ সিঙৰ হাতত পৰাস্ত হৈ লোকসভালৈ নিৰ্বাচিত হোৱা নাছিল।কিন্তু গুজৰাটৰ পৰা তেওঁ সেই সময়ত ৰাজ্যসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।ফলত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এনডিএ চৰকাৰ গঠন হোৱাত তেওঁ কেন্দ্ৰীয় বিত্ত মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিল। একেদৰে ২০১৮চনত পুনৰ তেওঁ উত্তৰ-প্ৰদেশৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল।

এটা সময়ত বিজেপি দলৰ নীতি নিৰ্ধাৰক মগজু হিচাপে পৰিগণিত হোৱা অৰুণ জেটলিৰ মৃত্যুৰ সময়ত বয়স আছিল ৬৬বছৰ।

Your Comments