আজি দুপৰীয়া ২ বজাত পঞ্চভূতত বিলীন হ'ব প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলী

arun jetli

নিউজ ডেস্ক:

শনিবাৰে দুপৰীয়া দেহাৱসান ঘটা প্ৰাক্তন বিত্তমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী অৰুণ জেটলীৰ অন্তিম সংস্কাৰ দেওবাৰে দুপৰীয়া ২ বজাত দিল্লীৰ নিগমবোধ ঘাটত সম্পন্ন কৰা হ'ব।ইফালে, আজি পুৱা প্ৰয়াত জেটলীৰ আৱাসলৈ আহি কংগ্ৰেছ নেতা মোতিলাল ভোৰা,এনচিপি নেতা শাৰদ পাৱাৰ আৰু প্ৰফুল্ল পেটেল,আৰএলডি নেতা অজিত সিং,টিডিপি নেতা এন চন্দ্ৰবাবু নাইডু আদিয়ে প্ৰয়াত অৰুণ জেটলীৰ পাৰ্থিৱ শৰীৰত অন্তিম শ্ৰদ্ধাঞ্জলি প্ৰদান কৰে।

Your Comments