প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ জীৱন পৰিক্ৰমা

jetli

নিউজ ডেস্ক:

যোৱা ৯ আগষ্টৰ পৰা দিল্লীৰ এইমছত মৃত্যুৰে যুজঁ দি অৱশেষত শনিবাৰে হাৰ মানিলে প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে। শনিবাৰে দিনৰ ১২.৭ বজাত তেওঁৰ দেহাৱসান ঘটে। জেটলী দীর্ঘদিনৰ পৰা বৃক্ক ৰোগত আক্রান্ত হৈ আছিল। দিল্লীৰ এইমছত যোৱা ৯ আগষ্টত ভৰ্তি কৰোৱাৰ পাছৰে পৰা ক্ৰমাৎ অৱনতি ঘটিছিল স্বাস্থ্যৰ। এইমছৰ অভিজ্ঞ চিকিৎসকৰ দলে প্ৰাক্তন বিত্তমন্ত্ৰী গৰাকীক সুস্থ কৰি তোলাৰ বাবে আইচিইউত লাইফ ছপোৰ্ট ছিষ্টেমত ৰাখি চিকিৎসা চলায়ো সুস্থ কৰিব নোৱাৰিলে এই নেতা গৰাকীক।

১৯৫২ চনৰ ২৮ ডিছেম্বৰত দিল্লীত জন্মগ্ৰহণ কৰা জেটলীৰ পিতৃ আছিল অধিবক্তা মহাৰাজ কিসেন জেটলী আৰু মাতৃ আছিল ৰতন প্ৰভা জেটলী। শিক্ষা জীৱন আৰম্ভ হৈছিল চনত দিল্লীৰ ছেণ্ট জেভিয়াৰ্ছ স্ৰুলত। তাৰ পাছত দিল্লীৰ শ্ৰীৰাম বাণিজ্যিক মহাবিদ্যালয় পৰা বি.কম সুখ্যাতিৰে উত্তীণ হয় ১৯৭৩ চনত। তাৰ পাছতে দিল্লী বিশ্ববিদ্যালয় অধীনৰ ফেকালটি অফ ল’ কলেজৰ পৰা আইনত এলএলবি ডিগ্ৰী লাভ কৰে। দিল্লী বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ সময়তে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ পৰা তেওঁ দিল্লী বিশ্ববিদ্যালয়ত ছাত্ৰ একতা সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল ১৯৭৪ চনত। তাৰ পাছতে  ১৯৭৭ চনত জেটলীক অখিল ভাৰতীয় বিদ্যাথী পৰিষদৰ সম্পাদক আৰু সেই একে সময়তে  এবিভিপি দিল্লীৰ সভাপতি হিচাপে নিযুক্তি দিয়া হয়। তাৰ পৰৱৰ্তী সময়তে ১৯৮০ চনত তেওঁ জড়িত হয় ৰাজনৈতিক দলত।

ইফালে ৰাজনৈতিক জীৱন আৰম্ভ কৰি দলৰ হৈ কাম কৰি ১৯৯১ চনত জেটলী ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্রীয় কাৰ্যনিৰ্বাহকৰ সদস্য হিচাপে অন্তৰ্ভুক্ত হয়। তাৰ পাছত ১৯৯৯ চনৰ সাধাৰণ নিৰ্বাচনৰ সময়লৈকে ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী মুখপাত্ৰ হিচাপে জেটলীয়ে নিজৰ দায়িত্ব পালন কৰিছিল। তাৰ পৰৱৰ্তী সময়ত ১৯৯৯ চনৰ এনডিএ চৰকাৰৰ দিনত তেওঁ তথ্য আৰু প্ৰচাৰ বিভাগৰ স্বতন্ত্ৰ মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰিছিল। অৰ্থাৎ ৰাজনৈতিক জীৱনত প্ৰথমবাৰৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। তাৰ পাছত ২০০২ চনত কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হিচাপে তেওঁ নিযুক্তি লাভ কৰিছিল। ২০০৪ চনত জেটলীয়ে বিজেপি দলৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব পালন কৰে। বিজেপি জ্যেষ্ঠ নেতা এল কে আদৱানীয়ে তেওঁক ৰাজ্যসভাৰ বিৰোধীৰ নেতা হিচাপেও নিৰ্বাচিত কৰিছিল। তাৰ পাছতে দলৰ "এক ব্যক্তি এক পদ " নীতিৰ বাবে ২০০৯ চনত তেওঁ সাধাৰণ সম্পাদকৰ পদ ত্যাগ কৰে। কিন্তু তেওঁ দলৰ কেন্দ্ৰীয় নিৰ্বাচনী কমিটিৰ সদস্য হিচাপে জড়িত হৈ থাকে। একেদৰে তেওঁৰ ৰাজ্যসভাৰ বিৰোধীৰ দলৰ দলপতি হৈ থকাৰ সময়তে ৰাজ্যসভাত মহিলাৰ বাবে আসন সংৰক্ষণৰ বিলৰ সন্দৰ্ভত গুৰুত্ত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ উপৰি আন্না হাজাৰেৰ "জন লোকপাল বিলক" তেওঁ সমৰ্থন কৰিছিল।

২০১৪ চনৰ লোকসভাৰ নিৰ্বাচনত অমৃতসৰৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াইছিল। কিন্তু কংগ্ৰেছ প্ৰাৰ্থী, বৰ্তমানৰ পঞ্জাবৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ হাতত পৰাস্ত হয়। কিন্ত গুজৰাটৰ পৰা তেওঁ সেই সময়ত ৰাজ্যসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। ফলত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এনডিএ চৰকাৰ গঠন হোৱাত তেওঁক কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। একেদৰে ২০১৮ চনত পুনৰ তেওঁ উত্তৰ-প্ৰদেশৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল। অৰুণ জেটলীৰ মৃত্যুৰ সময়ত বয়স আছিল ৬৭ বছৰ।

Your Comments