প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ দেহাৱসানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গভীৰ শোকপ্ৰকাশ

modi

বিজেপিৰ আগশাৰীৰ নেতা তথা প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।বৰ্তমান সংযুক্ত আৰব এমিৰেটছ(ইউএই)ভ্ৰমণত থকা প্ৰধানমন্ত্ৰী মোডীয়ে টুইট কৰি জেটলীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে। 


ইউএইৰ পৰাই মোডীয়ে প্ৰয়াত অৰুণ জেটলীৰ পুত্ৰ আৰু কন্যাৰ সৈতে ফোনত কথা পাতি সমবেদনা প্ৰকাশ কৰে।উল্লেখ্য যে প্ৰয়াত জেটলীৰ পৰিয়ালে প্ৰধানমন্ত্ৰীক তেওঁৰ বিদেশ ভ্ৰমণ বাতিল নকৰিবলৈ অনুৰোধ জনাইছে।

Your Comments