বিজেপিৰ পিতামহ অটল বিহাৰী বাজপেয়ী আৰু নাই

অতি সংকটজনক অৱস্থাত বিজেপিৰ পিতামহ

বিজেপিৰ পিতামহ অটল বিহাৰী বাজপেয়ী আৰু নাই ৷ ৯৩ বছৰ বয়সত আজি বিয়লি ৫.৫ বজাত দিল্লীৰ এইমছত শেষ নিশ্বাস ত্যাগ কৰে এইগৰাকী ভাৰতীয় ৰাজনীতিৰ অবিসম্বাদী নেতাই ৷

উল্লেখ্য যে বহুদিন ধৰি দিল্লীৰ এইমছত চিকিৎসাধীন হৈ আছিল এইগৰাকী মহান নেতা ৷ বিগত তিনিদিন ধৰি তেখেতৰ অৱস্থা সংকটজনক হোৱাত এইমছত তেওঁ লাইফ ছাপ'ৰ্টত আছিল ৷

ইতিমধ্যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে দেশৰ নেতাসকল গৈ সমবেত হৈছে এইমছত ৷ লগতে বিজেপিশাসিত সকলো ৰাজ্যৰ মুখ্য মন্ত্ৰীসকলো গৈ উপস্থিত হৈছে এইমছত ৷ 

পুৱাৰ ভাগৰ পৰা তেওঁৰ স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটাত বিজেপি দলৰ লগতে কেন্দ্ৰীয় চৰকাৰে সকলোধৰণৰ কাৰ্যসূচী স্থগিত কৰিছিল ৷

অতি সংকটজনক অৱস্থাত বিজেপিৰ পিতামহ

দেশৰ ৰাজনৈতিক ক্ষেত্ৰত এক দীঘলীয়া সময় শক্তিশালী ভূমিকা গ্ৰহণ কৰি অহা অটল বিহাৰী বাজপেয়ীয়ে তিনিবাৰ দেশৰ প্ৰধান মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছে ৷

১৯২৪ চনৰ ২৫ ডিচেম্বৰত গোৱালিয়ৰত জন্মলাভ কৰা ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে ১৯৯৬ত ১৩ দিনৰ বাবে প্ৰধান মন্ত্ৰী হয় ৷ ১৯৯৮ৰ পৰা ১৯৯৯লৈ ১৩ মাহৰ বাবে তেখেতে দ্বিতীয়বাৰৰ বাবে প্ৰধান মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত ১৯৯৮ৰ পৰা ২০০৪ চনলৈ তৃতীয়বাৰৰ বাবে প্ৰধান মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল ৷

অতি সংকটজনক অৱস্থাত বিজেপিৰ পিতামহ

বিভিন্ন ৰাজনৈতিক ঘটনা-পৰিঘটনাৰে পূৰ্ণ আছিল ৰাষ্ট্ৰীয় নেতাগৰাকীৰ ৰাজনৈতিক পৰিক্ৰমা ৷ হিন্দী, ইংৰাজী আৰু সংস্কৃত বিষয় লৈ স্নাতকৰ ডিষ্ট্ৰিংচন লাভ কৰা বাজপেয়ীয়ে ৰাজনৈতিক বিজ্ঞানত প্ৰথম শ্ৰেণীত স্নাতকোত্তৰ শিক্ষা সম্পূৰ্ণ কৰিছিল ৷

আৰ্য সমাজৰ জৰিয়তে তেখেতে সামাজিক ক্ষেত্ৰত জড়িত হৈ পৰে ৷ ১৯৪৪ চনত তেখেত আৰ্য সমাজৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল ৷

অতি সংকটজনক অৱস্থাত বিজেপিৰ পিতামহ

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ লগত ১৯৩৯ৰ পৰা জড়িত আছিল বাজপেয়ী ৷ দৈনিক, সাপ্তাহিক আৰু মাহেকীয়া কাকতত সাংবাদিকতা কৰিছিল ৷

১৯৫১ চনত গঠন হোৱা ভাৰতীয় জন সংঘৰ্ষৰ ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰি ১৯৫৭ চনত বলৰামপুৰৰ পৰা সংসদলৈ নিৰ্বাচিত হয় ৷

বাজপেয়ীৰ বক্তব্য, ব্যক্তিত্ব আৰু ৰাজনৈতিক ধ্যান-ধাৰণালৈ লক্ষ্য কৰি জৱাহৰলাল নেহৰুৱে তেতিয়াই মন্তব্য প্ৰকাশ কৰিছিল যে বাজপেয়ী এদিন দেশৰ প্ৰধান মন্ত্ৰী হ’বগৈ ৷

অতি সংকটজনক অৱস্থাত বিজেপিৰ পিতামহ

১৯৭৭ত মোৰাৰজী দেশাইৰ জনতা চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰি দেশক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহু দূৰ আগুৱাই নিবলৈ সক্ষম হৈছিল ৷

জনতা দলৰ পতনৰ পিছত ১৯৮০ চনত বাজপেয়ীয়ে এল কে আদৱানী আৰু বি এছ শ্বেখাৱাটৰ সহযোগত গঠন কৰে ভাৰতীয় জনতা পাৰ্টি ৷ বাজপেয়ী হয় বিজেপিৰ প্ৰথমজন ৰাষ্ট্ৰীয় সভাপতি ৷

১৯৮৪ চনত বাজপেয়ী আৰু আদৱানী এই দুজন বিজেপিৰ পৰা সংসদলৈ নিৰ্বাচিত হৈ বিজেপিৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিল ৷
১৯৯৬ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে একক বৃহৎ দল হিচাপে বাজপেয়ীৰ নেতৃত্বত চৰকাৰ গঠন কৰে ৷

অতি সংকটজনক অৱস্থাত বিজেপিৰ পিতামহ

কিন্তু সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব নোৱাৰাৰ বাবে ১৩ দিনৰ দিনা বাজপেয়ী চৰকাৰে পদত্যাগ কৰে ৷ ১৯৯৮ত পুনৰ বিজেপিয়ে এন ডি এ গঠন কৰি দ্বিতীয়বাৰৰ বাবে বিজেপিয়ে চৰকাৰ গঠন কৰে ৷

অটল বিহাৰী বাজপেয়ী দেশৰ প্ৰধান মন্ত্ৰী হয় ৷ কিন্তু ১৩ মাহৰ পিছতে এন ডি এৰ পৰা এ আই এ ডি এম কেই সমৰ্থন প্ৰত্যাহাৰ কৰাৰ বাবে বিজেপি চৰকাৰৰ পুনৰ পতন ঘটিল ৷

bajpeyee

কিন্তু এই ১৩ মাহতে বাজপেয়ী চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত, ৰাষ্ট্ৰীয় কাৰ্যব্যৱস্থা আৰু বিশ্বক আকৰ্ষণ কৰা ৰাজনৈতিক আৰু অৰ্থনৈতিক সিদ্ধান্তই অটল বিহাৰী বাজপেয়ীৰ ব্যক্তিত্ব আৰু নেতৃত্বক দেশৰ লগতে বিশ্ববাসীয়ে অনুভৱ কৰিবলৈ সক্ষম হ’ল ৷

পাৰমাণৱিক ক্ষেত্ৰখনত বিশ্বৰ অন্যতম শক্তিশালী ৰাষ্ট্ৰ হিচাপে পৰিচিত কৰিবলৈ বাজপেয়ীৰ নেতৃত্বত ১৯৯৮ৰ ২৪ মে’ত ৰাজস্তানৰ পোখৰাণত পাৰমাণৱিক পৰীক্ষা কৰিলে ৷

Bajpeyee

ৰাষ্ট্ৰীৰ স্বাৰ্থত সকলো স্তৰৰ প্ৰত্যাহ্বান জনাবলৈ যে বাজপেয়ী সাজু থাকে কাৰগিলৰ যুদ্ধই সেই দিশটোক স্পষ্ট কৰি দিলে ৷ পাক সেনাৰ কাশ্মীৰ উপত্যাত কৰি অহা সন্ত্ৰাসমূলক কামৰ প্ৰত্যাহ্বান জনাবলৈ পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল বাজপেয়ীয়ে ৷

পাক সেনাক পিছুৱাই যাবলৈ বাধ্য কৰিলে ৷ সমগ্ৰ বিশ্বই দেখা পালে ভাৰতৰ সামৰিক শক্তিক ৷ ১৯৯৯ৰ সাধাৰণ নিৰ্বাচনত ৫৪৩খন শাসনৰ ৩০৩খন আসন দখল কৰি পুনৰ এন ডি এ চৰকাৰ শাসনলৈ আহিল ৷

bajpeyee

বাজপেয়ীয়ে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধান মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিলে ৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প, অৰ্থনৈতিক সংস্কাৰ, বৈদেশিক পুঁজি বিনিয়োগ, গ্ৰাম্য পথ প্ৰকল্প, সৰ্বশিক্ষা প্ৰকল্প আদি বহুকেইটা অতি প্ৰয়োজনীয় ৰাষ্ট্ৰীয় কাৰ্যসূচী গ্ৰহণ কৰিছিল বাজপেয়ীয়ে ৷

‘ভাৰত ৰত্ন’ অটল বিহাৰী বাজপেয়ীয়ে স্বাস্থ্যজনিত কাৰণত সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ৷ অটল বিহাৰী বাজপেয়ীৰ ঘটনাবহুল জীৱনৰ পৰা দেশৰ ৰাজনৈতিক জীৱনৰ বহু শিক্ষা গ্ৰহণ কৰিব পৰা যায় ৷

bajpeyee

ভাৰত ৰত্ন, ৰাষ্ট্ৰীয় নেতা, প্ৰাক্তন প্ৰধান মন্ত্ৰীগৰাকীৰ মৃত্যুত দেশজুৰি শোকৰ বন্যা বৈছে ৷

Your Comments