লাডাখ আৰু জম্মু অঞ্চলৰ পৰিস্থিতি প্ৰায় স্বাভাৱিক

kasmir

নিউজ ডেস্ক:

জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ বাতিলৰ পিছত ৰাজ্যখনৰ লাডাখ আৰু জম্মু অঞ্চলৰ পৰিস্থিতি প্ৰায় স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে। ইয়াৰ উপৰি শ্ৰীনগৰ উপত্যকাৰো পৰিস্থিতিৰ বৰ্তমান সময়ত উন্নতি হৈছে- এই মন্তব্য ৰাজ্য খনৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক টিটো গঞ্জুৰ। শুক্ৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ সদস্য সাংবাদিক সকলৰে হোৱা এক বাৰ্তালাপ অনুষ্ঠানত জম্মুৰ পৰা অংশগ্ৰহণ কৰি গঞ্জুৱে স্পষ্ট ভাৱে কয়, এই সিদ্ধান্ত সঠিক আৰু নিৰ্ণায়ক। এক অস্থায়ী ব্যৱস্থাপনা(অনুচ্ছেদ ৩৭০)ক বিশেষ অধিকাৰ বুলি প্ৰতীয়মান নিয়াৰ অনাহক বিৰ্তকৰ অৱসানে ৰাজ্যখনৰ ভৱিষ্যতৰ নতুন প্ৰজন্মৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিব বুলিও তেওঁ উল্লেখ কৰে। আনহাতে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি জম্মুৰ লগতে শ্ৰীনগৰৰ পৰা সকলো বাতৰি কাকত নিয়মীয়াকৈ প্ৰকাশ পাই আছে। অৱশ্যে ইন্টাৰনেট সেৱাসমূহ কিছু লেহেমীয়া হৈ থকা বুলি তেওঁ প্ৰকাশ কৰে। ইফালে জম্মুৰ পৰা ভিডিঅ’ কনফাৰেন্স যোগে গুৱাহাটীৰ সাংবাদিকৰ লগত বাধাহীনভাবে তেওঁ কথা পাতিবলৈ পাই অত্যন্ত সুখী বুলি নিজৰ মত প্ৰকাশ কৰে

আনহাতে কাশ্মীৰ সম্পৰ্কত কোনো বিতৰ্কৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি গঞ্জুৱে দাবী কৰে যে জম্মু কাশ্মীৰৰ ৰজা হৰি সিঙে ভাৰতৰ লগত চামিল হ’বলৈ লোৱাৰ সিদ্ধান্তৰ পিছতেই সমগ্ৰ কাশ্মীৰৰ ভাৰতৰ অভিন্ন অংগ হৈ পৰে। তাত সমস্যাৰ সৃষ্টি কৰে কেৱল পাকিস্তানে।এই সমস্যাৰ সমাধানৰ পথ সম্প্ৰতি প্ৰশস্ত হৈছে বুলিও তেওঁ দৃঢ়তাৰে কয়। কাশ্মীৰৰ সমাজ সংস্কৃতিৰ এক অনন্য  দলিল কলহনৰ ৰাজতৰঙ্গিনীৰ কথা উল্লেখ কৰি গঞ্জুৱে ভাৰতীয় সমাজ সংস্কৃতিৰ লগত কাশ্মীৰৰ হাজাৰ বছৰীয়া সান্নিধ্যৰ কথা সোঁৱৰে। উল্লেখযোগ্য যে ৰাজতৰঙ্গিনীৰ এক গুৰুত্বপূৰ্ণ চৰিত হল অসম জীয়ৰী অমৃতপ্ৰভা। পিছলৈ কাশ্মীৰৰ এগৰাকী জনপ্রিয় ৰাণী ৰূপেও প্ৰতিষ্ঠা হৈছিল।

 ইফালে গুৱাহাটীৰ সাংবাদিকৰ এক প্ৰশ্ন উত্তৰত এপিলক আলোচনীৰ সম্পাদক কাশ্মীৰৰ পণ্ডিতসকলৰ প্ৰত্যাগমন সহজসাধ্য নহ’ব বুলি উল্লেখ কৰে যদিও পৰিৱৰ্তিত পৰিস্থিতিত সেয়া বাস্তবায়িত সম্ভাৱনীয়তা তেওঁ নুই নকৰে। তদুপৰি কাশ্মীৰী জাতীয়তাবাদৰ নামত এচামে ধৰ্মীয় মৌলবাদক প্ৰশ্ৰয় দি অহা বুলিও তেওঁ দাবী কৰে। একেদৰে পাকিস্তান অধিকৃত কাশ্মীৰৰ কথা উল্লেখ কৰি তেওঁ সেয়া আটাইতকৈ অনুন্নত অঞ্চল বুলি অভিহিত কৰে। তাত সন্ত্ৰাসবাদী ঘাটি আৰু পাকিস্তানী সেনা শিবিৰক বাদ দি একোৱে নাই বুলি গঞ্জুৱে মত প্ৰকাশ কৰে। তদুপৰি পাক অধিকৃত কাশ্মীৰৰ বাসিন্দাসকলে শেহতীয়াকৈ ইছলামাবাদৰ বিৰুদ্ধে থিয় হোৱা বুলিও তেওঁ বার্তালাপত প্ৰকাশ কৰে।

Your Comments