নিউজ ডেস্ক:
প্ৰাক্তন গৃহমন্ত্ৰী আৰু বিত্তমন্ত্ৰী,জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিডাম্বৰমক ৫ দিনৰ বাবে চিবিআইৰ জিম্মালৈ প্ৰেৰণ কৰিলে চিবিআইৰ আদালতে।২৬ আগষ্টত চিডাম্বৰমক পুনৰ আদালতত হাজিৰ কৰাওঁতে তেওঁৰ চিকিৎসা সম্পৰ্কীয় পৰীক্ষা কৰা হ'ব।এই ৫ দিনত প্ৰতিদিনে চিডাম্বৰমক পৰিয়াল আৰু অধিবক্তাই ৩০ মিনিট সময়লৈকৈ সাক্ষাৎ কৰিব পাৰিব।আনহাতে, চিবিআই আদালতে চিবিআই বিষয়বৰ্গক কৈছে যে এই ৫ দিনত জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীৰ গৰিমাত যাতে আঘাত নালাগে।
- Log in to post comments
- 7 views