প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ:কেন্দ্ৰীয় চৰকাৰত বিশেষ দায়িত্ব পাব পাৰে নেকি ভুৱনেশ্বৰ কলিতাই?

modi

কেন্দ্ৰীয় চৰকাৰত বিশেষ দায়িত্ব পাব পাৰে নেকি প্ৰাক্তন সাংসদ ভুৱনেশ্বৰ কলিতাই?শেহতীয়াকৈ কংগ্ৰেছৰ পৰা গৈ বিজেপিত যোগ দিয়া ভুৱনেশ্বৰ কলিতাই সোমবাৰে দিল্লীৰ ছাউথ ব্লকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপি সভাপতি তথা গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ পিছত এই চর্চা চলিবলৈ আৰম্ভ কৰিছে।প্ৰাক্তন সাংসদগৰাকীয়ে বিজেপিত যথোচিত গুৰুত্ব পাইছে বুলিও ৰাজনৈতিক ভূৰখা মহলত আলোচনা হৈছে।

modi

উল্লেখ্য যে সোমবাৰে দিল্লীৰ ছাউথ ব্লকত প্ৰাক্তন সাংসদ কলিতাই প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰি ১৫ মিনিট সময় বাৰ্তালাপ কৰে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰাৰ পিছতে অমিত শ্বাহক সাক্ষাৎ কৰে কলিতাই।

amit

Your Comments